ৰাৱালপিণ্ডি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত শ্ৰীলংকাক ৮ উইকেটত পৰাস্ত কৰি পাকিস্তানে দুখন মেচৰ টেষ্ট শৃংখলাটো ১-০ ব্যৱধানত দখল কৰিছে। চতুৰ্থ দিনাৰ পুৱাই পাকিস্তানে এই গুৰুত্বপূৰ্ণ জয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে শৃংখলাৰ প্ৰথমখন মেচ ড্ৰ’ হৈছিল। পাকিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ছিম-সহায়ক পিটছত শ্ৰীলংকাৰ বেটিং লাইন-আপ সম্পূৰ্ণৰূপে ভাঙি পৰে। আলহী দলটোৱে মাত্ৰ ৩৫.৩ অভাৰত ৯৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। অধিনায়ক কুশল মেণ্ডিছে সৰ্বাধিক ৩২ আৰু সোনাল দিনুশাই ২১ ৰান কৰে। পাকিস্তানৰ হৈ বেগী বলাৰ মহম্মদ আব্বাছ (১৪ ৰানত ৩ উইকেট), ৰাজাউল্লাহ (২১ ৰানত ৩ উইকেট) আৰু আমিৰ জামালে (২৪ ৰানত ৩ উইকেট) দৰ্শনীয় বলিং প্ৰদৰ্শন কৰে। শ্ৰীলংকাৰ এই ৯৮ ৰান হৈছে ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত টেষ্ট ক্ৰিকেটৰ যিকোনো দলৰ সৰ্বনিম্ন অল-আউট স্ক’ৰ। ইয়াৰ পূৰ্বে ২০২৪ চনত পাকিস্তানৰ বিৰুদ্ধে ইংলেণ্ডে কৰা ১১২ ৰান আছিল সৰ্বনিম্ন স্ক’ৰ। এইখন খেলপথাৰত শ্ৰীলংকাৰ পূৰ্বৰ সৰ্বনিম্ন স্ক’ৰ আছিল ৩৫৩ ৰান। শ্ৰীলংকাৰ ৯৮ ৰানৰ প্ৰত্যুত্তৰত পাকিস্তানে প্ৰথম ইনিংছত ৩২৫ ৰান সংগ্ৰহ কৰি ২২৭ ৰানৰ এক বিশাল অগ্ৰগতি লাভ কৰে।

পাকিস্তানৰ হৈ গাজী ঘোৰীয়ে ৫৪ ৰান কৰাৰ লগতে আজান আৱাইছ (৪৭), তৈয়ব আৰিফ (৪৬) আৰু ৰাজাউল্লাহে (৪২) গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ বেগী বলাৰ লাহিৰু কুমাৰাই ৯৫ ৰানৰ বিনিময়ত ৫টা উইকেট দখল কৰে। ফ’ল’-অনৰ সন্মুখীন হৈ দ্বিতীয় ইনিংছত শ্ৰীলংকাই যুঁজাৰু মানসিকতাৰ পৰিচয় দিয়ে। কুশল মেণ্ডিছ (৫৩) আৰু সোনাল দিনুশাৰ (৫৪) অৰ্ধশতক তথা মিলন ৰত্ননায়কেৰ অপৰাজিত ৬৬ ৰানৰ সহায়ত দলটোৱে চতুৰ্থ দিনাৰ পুৱা আটাইকেইটা উইকেট হেৰুৱাই ৩১৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ ফলত পাকিস্তানক জয়ৰ বাবে মাত্ৰ ৯০ ৰানৰ সহজ লক্ষ্যৰ প্ৰয়োজন হয়। ঘৰুৱা দলটোৱে দুটা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হয়। আজান আৱাইছ ( নটআউট ৩২) আৰু আমিৰ জামালে ( নটআউট ৩৪) ৫৩ ৰানৰ অপৰাজিত যুটি বান্ধি দলক জয়ৰ শিখৰত উপনীত কৰায়।পাকিস্তানৰ প্ৰথম ইনিংছত ঘোৰীয়ে ৯০টা বলত ৪টা চাৰিৰে ৫৪ ৰান সংগ্ৰহ কৰে। এইটো আছিল তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো টেষ্ট অৰ্ধশতক। এতিয়ালৈকে ৩খন মেচত তেওঁ ৩১.৪ গড়ে ১৫৭ ৰান সংগ্ৰহ কৰিছে। লাহিৰু কুমাৰাই ২১.৫ অভাৰত ৫টা মেইডেনসহ ৯৫ ৰান দি ৫টা উইকেট লাভ কৰে। ৩৯খন টেষ্টত এয়া তেওঁৰ দ্বিতীয়টো ৫ উইকেট দখল।

ইয়াৰ লগে লগে তেওঁ টেষ্ট ক্ৰিকেটত ১১৬টা উইকেট সম্পূৰ্ণ কৰে। দ্বিতীয় ইনিংছত দিনুশাই ১১৯টা বলত ৭টা চাৰিৰে ৫৪ ৰান কৰে। ৭খন টেষ্টৰ ১২টা ইনিংছত ৭০.১০ গড়ে তেওঁ ৭০১ ৰান সংগ্ৰহ কৰিছে। দ্বিতীয় ইনিংছত ১২৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰাৰ পথত কুশল মেণ্ডিছে টেষ্ট ক্ৰিকেটত ৫,০০০ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰে। ৭৭খন টেষ্ট খেলা মেণ্ডিছৰ নামত বৰ্তমান ৩৭.০৫ গড়ে ৫,০৪০ ৰান আছে। ৫,০০০ ৰান সম্পূৰ্ণ কৰা ১২ গৰাকী শ্ৰীলংকান বেটাৰৰ ভিতৰত তেওঁৰ গড় কেৱল অৰ্জুনা ৰণতুংগাতকৈহে (৩৫.৬৯) বেছি। ৰত্ননায়কে ৮৮টা বলত ১২টা চাৰিৰ সহায়ত ৬৬ ৰান কৰি অপৰাজিত হৈ থাকে। ৯খন টেষ্টত তেওঁৰ মুঠ ৰান সংখ্যা ৩৩০ লৈ বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *