চলিত সপ্তাহত বিশ্ব তথা ইউৰোপীয় চেম্পিয়ন স্পেইনৰ বিৰুদ্ধে ইংলেণ্ডে জয়লাভ কৰা সত্ত্বেও বুধবাৰে প্ৰকাশ পোৱা পুৰুষৰ নতুন ফিফা ৰেংকিঙত দল দুটাৰ স্থানৰ কোনো সালসলনি হোৱা নাই। ৪৩ খন খেলৰ অপৰাজেয় ধাৰা ভংগ হোৱাৰ পাছতো স্পেইনে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। বিশ্ব কাপৰ ৰানাৰ্ছ-আপ আৰ্জেণ্টিনা দ্বিতীয় স্থানত আৰু ফ্ৰান্স তৃতীয় স্থানত বাহাল থকাৰ বিপৰীতে মাদ্ৰিদত স্পেইনক ৩-২ গ’লত পৰাস্ত কৰিলেও ইংলেণ্ড চতুৰ্থ স্থানতে আছে। উল্লেখযোগ্য যে এই চাৰিওটা দলেই বিশ্বকাপৰ ছেমিফাইনেল খেলিছিল। ইফালে, ২০২৭ চনৰ আফ্ৰিকা কাপ অৱ নেশ্যনছৰ যোগ্যতা অৰ্জনৰ খেলত নাইজাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে দুখন মেচত জয়লাভ কৰাৰ পাছত ২০৩০ বিশ্বকাপৰ সহ-আয়োজক মৰক্কোৱে দুটা স্থান আগুৱাই পঞ্চম স্থানত উপনীত হৈছে। ৰেংকিঙৰ ৩৪ বছৰীয়া ইতিহাসত এয়া মৰক্কোৰ সৰ্বশ্ৰেষ্ঠ স্থান। আনহাতে, পৰ্তুগাল আৰু ব্ৰাজিল এটাকৈ স্থান অৱনমিত হৈ ক্ৰমে ষষ্ঠ আৰু সপ্তম স্থানলৈ নামি আহিছে। পৰৱৰ্তী বিশ্বকাপখন মৰক্কোৰ সৈতে পৰ্তুগাল আৰু স্পেইনে যুটীয়াভাৱে আয়োজন কৰিব। তদুপৰি ১৯৩০ চনৰ প্ৰথমখন বিশ্বকাপৰ আয়োজক উৰুগুৱেৰ লগতে আৰ্জেণ্টিনা আৰু পাৰাগুৱেতো শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে এখনকৈ মেচ অনুষ্ঠিত হ’ব। ৰেংকিঙৰ অষ্টম আৰু নৱম স্থানত বেলজিয়াম আৰু নেদাৰলেণ্ডছ অপৰিৱৰ্তিত হৈ আছে। কলম্বিয়াই এটা স্থান আগুৱাই শীৰ্ষ ১০ ত প্ৰৱেশ কৰাৰ বিপৰীতে মেক্সিকো তিনিটা স্থান তললৈ নামি ১৩ নম্বৰ স্থানত উপনীত হৈছে।মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰাৰ পূৰ্বে প্ৰশিক্ষক মাউৰিচিঅ’ পচেটিনোৰ অধীনত খেলা অন্তিম দুখন মেচত হাইটিক পৰাস্ত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ ১৬ নম্বৰ স্থানত অক্ষুণ্ণ আছে। অহা ২৫ মাৰ্চত লছ এঞ্জেলছৰ ওচৰৰ ছ’ফাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া কনকাকাফ নেশ্যনছ লীগৰ ছেমিফাইনেলত আমেৰিকা আৰু মেক্সিকো পৰস্পৰৰ মুখামুখি হ’ব। আনহাতে, এছিয়াৰ শীৰ্ষ দল হিচাপে জাপান ১৭ নম্বৰ স্থানত আছে। Share this:FacebookX Related Post navigation এম এছ ধোনীয়ে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা