উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত STFৰ ড্ৰাগছৰ বিৰোধী অভিযান। বুজন পৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। ১০ কেজি ৭২০ গ্ৰাম হেৰ’ইন জব্দ অভিযানকাৰী দলৰ। জব্দকৃত হেৰ’ইনৰ বজাৰ মূল্য প্ৰায় ৮৫ কোটি টকা। ধৃত সৰবৰাহকাৰী দুটা ৰাকিবুল ইছলাম আৰু মহম্মদ জাহাংগীৰ আলী। মণিপুৰৰ টেংনৌপালৰ পৰা পশ্চিমবংগলৈ সৰবৰাহৰ চেষ্টা চলাইছিল ড্ৰাগছখিনি। অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল অভিযান। Share this:FacebookX Related Post navigation অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰে নিৰন্তৰভাৱে অভিযান চলাই আহিছে গাড়ী চালকৰ বাবে আহি গল SOP