গাড়ী চালকৰ বাবে আহি গল SOP ।অসমত সকলো বাণিজ্যিক বাহনত স্পীড ডিভাইচ বাধ্যতামূলক!নিয়ম উলংঘা কৰিলে বাতিল হ’ব পাৰে ফিটনেছ চাৰ্টিফিকেট আৰু পাৰ্মিট।অসমত পথ দুৰ্ঘটনা আৰু অত্যধিক গতিত বাহন চলোৱাৰ ঘটনা ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ পৰিবহণ বিভাগে।নতুন বাহনৰ ক্ষেত্ৰত নিৰ্মাতাই সংস্থাপন কৰা Speed Limiting Function অথবা ডিলাৰৰ দ্বাৰা সংস্থাপন কৰা Speed Limiting Device পৰীক্ষা কৰাৰ পিছতহে পঞ্জীয়ন কৰা হ’ব।ডিভাইচ সংস্থাপনৰ পিছত ইয়াত ছীল লগোৱাৰ লগতে বাহনৰ উইণ্ডস্ক্ৰীনত ষ্টিকাৰ লগোৱা হ’ব।ইয়াৰ উপৰি, VAHAN পৰ্টেলত জিঅ’-টেগযুক্ত ফটো আপলোড কৰি বাহনৰ গৰাকীক ডিজিটেল Fitment Letter প্ৰদান কৰা হ’ব।নিয়ম বলৱৎ কৰিবলৈ পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহত নিয়মীয়া তালাচী অভিযান চলাব।বিশেষকৈ NH-27, NH-17 আৰু NH-15-ত স্পীড ৰাডাৰৰ জৰিয়তে বাহনৰ গতিবেগ পৰীক্ষা কৰা হ’ব । Share this:FacebookX Related Post navigation উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত ড্ৰাগছ বিৰোধী অভিযান ৰাইডাৰ্ছ মীট ২০২৬ত সুৰক্ষা অংশীদাৰিত্বৰে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰিছে এছএমকে-ই