বেংকত জমা দিবলৈ নিয়া নগদ ধনৰ বাণ্ডিল থপিয়াই নি গছৰ ওপৰৰ পৰা নোটৰ বৰষুণ ঘটালে এটা বান্দৰে। হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাৰ উপায়ুক্ত কাৰ্যালয় চৌহদত সংঘটিত এই বিচিত্ৰ ঘটনাই উপস্থিত লোকসকলক আমোদ দিয়াৰ লগতে হতবাক কৰি তোলে। ব্যক্তি এজনে বেংকত জমা দিবলৈ বুলি নগদ ৮১,৮০০ টকাৰ এটা বাণ্ডিল লৈ গৈ থকা অৱস্থাতে সুযোগৰ অপেক্ষাত থকা বান্দৰটোৱে চকুৰ পচাৰতে হাতৰ পৰা টকাখিনি থপিয়াই লৈ ওচৰৰে এজোপা গছত উঠে।

সাধাৰণতে বান্দৰে মানুহৰ হাতৰ পৰা খাদ্যবস্তুহে কাঢ়ি নিয়ে যদিও টকাৰ বাণ্ডিলটো লৈ যোৱাত ব্যক্তিজন বিমোৰত পৰে। ইফালে গছৰ ওপৰত আৰামত বহি বান্দৰটোৱে পেকেটৰ পৰা এখন এখনকৈ নোট উলিয়াই তললৈ দলিয়াবলৈ ধৰে। গছৰ ওপৰৰ পৰা এনেদৰে টকা সৰি পৰা দেখি অসহায় ব্যক্তিজনৰ চকুৰ সন্মুখতে ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে। অৱশ্যে উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আৰু স্থানীয় লোকসকলে মানৱতাৰ পৰিচয় দি গছজোপাৰ চাৰিওফালে সিঁচৰতি হৈ পৰা নোটবোৰ বুটলি ব্যক্তিজনক ঘূৰাই দিয়ে।

বান্দৰটোৱে হাতত থকা নোটবোৰ তললৈ পেলাই শেষ নকৰালৈকে উপস্থিত লোকসকলে গছজোপাৰ তলত ধৈৰ্যসহকাৰে অপেক্ষা কৰে আৰু বেছিভাগ টকাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ভুক্তভোগী ব্যক্তিজনে জনোৱা মতে, উদ্ধাৰ হোৱা নোটবোৰ গণনা কৰাৰ পিছত তাৰ পৰা ১,৫০০ টকাৰ হিচাপ পোৱা নগ’ল। তদুপৰি বান্দৰটোৱে কেইবাখনো ৫০০ টকীয়া নোট ফালি পেলোৱা বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে. ছিমলাত বান্দৰৰ উৎপাত নতুন কথা নহয় যদিও এইবাৰ স্বয়ং উপায়ুক্ত কাৰ্যালয় চৌহদতে এনে ঘটনা সংঘটিত হোৱাত স্থানীয় লোকসকলে বান্দৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *