অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি তথা সৃষ্টিৰাজি যুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। শিল্পীগৰাকীৰ নামত উৎসৰ্গিত ‘জুবিন ক্ষেত্ৰ’ৰ সৰ্বাংগীণ উন্নয়ন আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন জনাইছে ১৫ কোটি টকা। এই পুঁজিৰ জৰিয়তে ক্ষেত্ৰখনক এক আটকধুনীয়া সাংস্কৃতিক তথা পৰ্যটনথলী হিচাপে গঢ়ি তোলা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। চৰকাৰী পৰিকল্পনা অনুসৰি, আবণ্টিত এই ১৫ কোটি টকাৰে ‘জুবিন ক্ষেত্ৰ’ক নতুন ৰূপত সজাই-পৰাই তুলিবলৈ এক বিশেষ আঁচনি যুগুত কৰা হৈছে। এই প্ৰকল্পৰ অধীনত ক্ষেত্ৰখনৰ সৌন্দৰ্যবৰ্ধনৰ লগতে দৰ্শনাৰ্থীৰ বাবে প্ৰয়োজনীয় আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব চৰকাৰে। শিল্পীগৰাকীৰ বৰ্ণিল সাংগীতিক যাত্ৰা আৰু অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানক নৱপ্ৰজন্মৰ সমুখত তুলি ধৰাৰ উদ্দেশ্যে ইয়াত সংগ্ৰহালয়কে ধৰি বিভিন্ন কলাত্মক সমল সংযোজন কৰা হ’ব। উল্লেখ্য যে ‘জুবিন ক্ষেত্ৰ’ক এক পূৰ্ণাংগ আৰু সুশৃংখলিত সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ শিল্পীগৰাকীৰ অনুৰাগী তথা ৰাজ্যবাসীয়ে দাবী জনাই আহিছিল। ৰাইজৰ সেই আৱেগ আৰু দাবীক সন্মান জনাই ৰাজ্য চৰকাৰে এই পুঁজি মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ক্ষেত্ৰখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ ইতিমধ্যে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰে। চৰকাৰৰ এই ইতিবাচক পদক্ষেপক আদৰণি জনাইছে ৰাজ্যৰ শিল্পী সমাজৰ লগতে অগণন গুণমুগ্ধই। Share this:FacebookX Related Post navigation অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটীত অনুষ্ঠিত নেইহাৰ (NEIHA) অধিৱেশনত ইতিহাসৰ বিভিন্ন দিশৰ ওপৰত বিদ্বানসকলৰ আলোকপাত