এন আৰ চিৰ (NRC) চূড়ান্ত তালিকাত দেখা দিয়া বিসংগতিৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই (আছু) দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু অসম চৰকাৰলৈ জাননী জাৰি কৰিছে। ছাত্ৰ সন্থাৰ এই আবেদনত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ দাবী জনোৱা হৈছে। উচ্চতম ন্যায়ালয়ৰ এখন দুজনীয়া বিচাৰপীঠে সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উভয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। আদালতৰ এই কাৰ্যসূচীত আছুৰ সভাপতি উৎপল শৰ্মা আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য উপস্থিত আছিল। মঙলবাৰে জাৰি কৰা এক বিবৃতিত আছুৰ নেতৃত্বই পুনৰ কয় যে এখন শুদ্ধ নাগৰিকপঞ্জীৰ বাবে অসমৰ ৰাইজৰ যি দাবী, সেয়া কেইবা দশক ধৰি চলি অহা এক দীৰ্ঘদিনীয়া আন্দোলনৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছে। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৱশ্যে আছুৰ অভিযোগ অনুসৰি চৰকাৰ আৰু প্ৰশাসনৰ গাফিলতিৰ বাবেই চূড়ান্ত তালিকাত বহু বিসংগতি ৰৈ গ’ল। সংগঠনটোৱে আঙুলিয়াই দিছে যে এন আৰ চিৰ প্ৰথম খচৰাৰ পৰা প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল যদিও চূড়ান্ত তালিকাত এই সংখ্যা প্ৰায় ১৯ লাখলৈ হ্ৰাস পালে। এই বিসংগতিবোৰে চূড়ান্ত এন আৰ চিৰ শুদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে অসমৰ ৰাইজৰ মাজত অসন্তুষ্টিৰো সৃষ্টি কৰিছে। ছাত্ৰ সন্থাটোৱে কয়, “চৰকাৰে চূড়ান্ত এন আৰ চিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও ইয়াৰ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰ চপা নাছিল।” ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰভাৱশালী ছাত্ৰ সংগঠনটোৱে নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। Share this:FacebookX Related Post navigation অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, কথমপি ৰক্ষা পৰিয়ালটো