ৰাষ্ট্ৰীয় ঘাইপথত গৰু-ম’হৰ বিচৰণৰ ফলত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনা ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ চিন্তা কৰিছে উচ্চতম ন্যায়ালয়ে। পথ আৰু ঘাইপথত ঘূৰি ফুৰা গৰু-ম’হৰ ফলত হোৱা দুৰ্ঘটনা আৰু মৃত্যুৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে এই সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ NHAI-ক এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় শীৰ্ষ আদালতে। ঘাইপথত গৰু-ম’হৰ বিচৰণ ৰোধ কৰাৰ লগতে দুৰ্ঘটনাৰ আশংকা হ্ৰাস কৰিবলৈ টোল প্লাজাৰ সমীপত গৰুৰ আশ্ৰয় শিবিৰ নিৰ্মাণৰ সম্ভাৱনীয়তা অন্বেষণ কৰিবলৈ NHAI-ক কয় উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথত অবাধে বিচৰণ কৰা পশুধনৰ বাবে প্ৰায়ে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এনে দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহতও হয় বহুজন। এতিয়া উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শৰ পিছত NHAI-এ কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়। Share this:FacebookX Related Post navigation নয়ডা কার্যালয় উদ্বোধনৰ সৈতে Samiran Tea-ৰ নতুন প্রডাক্ট প’র্টফ’লিঅ’ উন্মোচন, ১০ বিধ হার্বেল টি ব্লেন্ডে লাভ কৰিলে বিশেষ গুৰুত্ব দুলীয়াজানৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ ২৪ ঘণ্টাৰ নহওঁতেই মঙলবাৰে ঘটনাৰ দুই মূল অভিযুক্তক আৰক্ষী গ্ৰেপ্তাৰ