দুলীয়াজানৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ ২৪ ঘণ্টাৰ নহওঁতেই মঙলবাৰে ঘটনাৰ দুই মূল অভিযুক্তক আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জেৰাত দুই অভিযুক্তই চন্দ্ৰকান্ত ভূঞাৰ পৰিয়ালক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ আৰক্ষীৰ এক সূত্ৰই এই কথা সদৰী কৰে ৷মৰাণ আৰক্ষী থানাত প্ৰায় ৩ ঘণ্টাৰো অধিক সময় জেৰা চলোৱাৰ অন্তত দুই অভিযুক্তক ডিব্ৰুগড়লৈ লৈ যোৱা হয় ৷ ইয়াৰ পূৰ্বে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে সোণাৰি আৰক্ষীৰ সহযোগত শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা দুই অভিযুক্ত ৰাজু দাস আৰু অমিৰ দাসক কৰায়ত্ত কৰিছল । তাৰ পাছত দুয়োকে পোনে পোনে মৰাণ আৰক্ষী থানালৈ নিয়া হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *