উত্তৰ-পূব ভাৰত ইতিহাস সংস্থাৰ (NEIHA) ৪৫ সংখ্যক অধিৱেশন বুধবাৰে গুৱাহাটীৰ অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটীত (RGU) আৰম্ভ হয়। এই তিনিদিনীয়া কাৰ্যসূচীত সমগ্ৰ ভাৰতৰ লগতে বিদেশৰো বিশিষ্ট ইতিহাসবিদ, শিক্ষাবিদ, গৱেষক আৰু পণ্ডিতসকলে ইতিহাসৰ বিভিন্ন দিশৰ ওপৰত বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰে।

উদ্বোধনী অনুষ্ঠানত নেইহাৰ ৪৪ সংখ্যক অধিৱেশনৰ কাৰ্যবিৱৰণীকে ধৰি সংস্থাটোৰ সদস্যসকলে লিখা মুঠ ৫খন গ্ৰন্থ উন্মোচন কৰা হয়।

ৰয়েল গ্লোবেল ইউনিভাৰ্চিটীৰ আচাৰ্য এ. কে. পানছাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰি জ্ঞানৰ উৎস, সামূহিক স্মৃতি আৰু ভৱিষ্যতৰ পথ প্ৰদৰ্শক হিচাপে ইতিহাসৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অতীতৰ সঠিক জ্ঞানে সমাজখনক বৰ্তমানৰ ব্যাখ্যা কৰাত আৰু ভৱিষ্যতৰ বাবে এক অৰ্থপূৰ্ণ পথ নিৰ্ধাৰণ কৰাত সহায় কৰে।

নেইহাৰ সাধাৰণ সম্পাদিকা অধ্যাপক আমেনা এন. পাছাই সংস্থাটোৰ পৰিচয় দি উত্তৰ-পূৰ্বাঞ্চলত ঐতিহাসিক গৱেষণা আৰু পাণ্ডিত্যৰ প্ৰসাৰত ইয়াৰ ভূমিকাৰ কথা উল্লেখ কৰে।

ঝাৰখণ্ডৰ ৱাই.বি.এন. ইউনিভাৰ্চিটীৰ উপাচাৰ্য তথা নেইহাৰ নৱ-নিৰ্বাচিত সভাপতি অধ্যাপক সত্যদেউ পোদ্দাৰে ৪৫ সংখ্যক অধিৱেশনত সভাপতিত্ব কৰে। তেওঁ “মুণ্ডা আৰু চাওঁতালসকলৰ দুটা ইতিহাস: ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক পূব আৰু উত্তৰ-পূব ভাৰতৰ এক অধ্যয়ন” শীৰ্ষক সভাপতিৰ ভাষণ প্ৰদান কৰে। তেওঁৰ ভাষণত ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক দৃষ্টিভংগীৰ জৰিয়তে এই জনগোষ্ঠীসমূহৰ ঐতিহাসিক অভিজ্ঞতা আৰু আখ্যানসমূহ অন্বেষণ কৰা হয়।

দক্ষিণ এছিয়াৰ ইতিহাসৰ বিশিষ্ট পণ্ডিত তথা এডামাচ ইউনিভাৰ্চিটীৰ উপাচাৰ্য অধ্যাপক সুৰঞ্জন দাসে উদ্বোধনী ভাষণ প্ৰদান কৰে।

পূৰ্ণাংগ অধিৱেশনত সভাপতিত্ব কৰে ডেনমাৰ্কৰ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ পিটাৰ বিৰ্কেলুণ্ড এণ্ডাৰচেনে। প্ৰথমটো পূৰ্ণাংগ অধিৱেশনত সভাপতিত্ব কৰে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটীৰ মানৱীয় আৰু সমাজবিজ্ঞান বিদ্যালয়ৰ ডিন অধ্যাপক শিলা বৰাই।

দ্বিতীয় দিনাৰ এক অন্যতম আকৰ্ষণ হ’ব এইচ.কে. বৰপূজাৰী এনডাউমেণ্ট লেকচাৰ ২০২৬, যিটো প্ৰদান কৰিব ৰয়েল গ্লোবেল ইউনিভাৰ্চিটীৰ ইতিহাস বিভাগৰ বিশিষ্ট অধ্যাপক সজল নাগে।

ৰয়েল গ্লোবেল ইউনিভাৰ্চিটীৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপিকা তথা নেইহাৰ ৪৫ সংখ্যক অধিৱেশনৰ স্থানীয় সম্পাদিকা সুস্মিতা হাজৰিকাৰ শলাগৰ শৰাইৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *