বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতৰ পৰা উভতাই পঠিওৱাৰ (প্ৰত্যাৰ্পণ) বিতৰ্কিত বিষয়টোক লৈ ঢাকা আৰু নতুন দিল্লীৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ প্ৰভাৱ এতিয়া দুয়োখন দেশৰ মাজত থকা ৩০ বছৰীয়া ঐতিহাসিক গংগাৰ পানী বণ্টন চুক্তিৰ ওপৰতো পৰিছে। অহা ১২ ডিচেম্বৰত খৰালি কালত গংগাৰ পানী বণ্টন নিয়ন্ত্ৰণ কৰা এই গুৰুত্বপূৰ্ণ চুক্তিখনৰ ম্যাদ উকলিব। ২০২৪ চনৰ আগষ্ট মাহৰ পৰাই ঢাকাই হাছিনাক প্ৰত্যাৰ্পণ কৰিবলৈ নতুন দিল্লীক দাবী জনাই আহিছে। কিন্তু এই ক্ষেত্ৰত দিল্লীয়ে দেখুওৱা অনীহাৰ বাবে চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্কত ফাঁট মেলিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতো বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে এতিয়ালৈকে নতুন দিল্লীলৈ কোনো আনুষ্ঠানিক ভ্ৰমণ কৰা নাই। যোৱা আগষ্ট মাহত ৰহমানৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ লোৱা হৈছিল যদিও ৫ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত শ্বেখ হাছিনাই সাংবাদিকৰ আগত মন্তব্য কৰাৰ পাছতে সেই ভ্ৰমণ বাতিল কৰা হয়। ঢাকাৰ মতে, হাছিনাৰ সেই উপস্থিতিয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰস্তুতিক বিঘ্নিত কৰিছিল। ইফালে, গংগাৰ পানী বণ্টন চুক্তিখনৰ নৱীকৰণ, ম্যাদ বৃদ্ধি বা ইয়াৰ বিকল্প সন্দৰ্ভত এতিয়ালৈকে কোনো পক্ষৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। বিভিন্ন প্ৰতিবেদন অনুসৰি, ভাৰতে চুক্তিখনৰ ম্যাদ উকলি যাবলৈ এৰি দিয়াৰ পৰিকল্পনা কৰিছে।

অহা ১২ ডিচেম্বৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনাও ক্ৰমান্বয়ে ক্ষীণ হৈ পৰিছে। ঢাকাই স্পষ্ট কৰি দিছে যে ৰহমানৰ ভাৰত ভ্ৰমণৰ পূৰ্বে এক ‘অনুকূল পৰিৱেশ’ সৃষ্টি কৰিব লাগিব, কিয়নো হাছিনাৰ প্ৰত্যাৰ্পণৰ বিষয়টো এতিয়াও অমীমাংসিত হৈ আছে। যোৱা বছৰৰ নৱেম্বৰ মাহত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মানৱতা বিৰোধী অপৰাধৰ গোচৰত হাছিনাক মৃত্যুদণ্ড বিহাৰ পাছত ঢাকাই তেওঁক উভতাই নিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে। আনহাতে, যোৱা ১৭-১৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশ-ভাৰত কনছুলাৰ আলোচনাৰ পঞ্চমটো পৰ্যায়ো স্থগিত ৰখা হৈছে। উল্লেখযোগ্য যে যোৱা ৯ নৱেম্বৰত হাছিনাই লণ্ডনস্থিত আইনী প্ৰতিষ্ঠান ‘মেট্ৰিক্স চেম্বাৰ্ছ’ৰ জৰিয়তে নতুন দিল্লীস্থিত বাংলাদেশ উচ্চায়ুক্তলৈ পত্ৰ লিখি নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ বিচাৰিছিল। অৱশ্যে ঢাকাই এই আৱেদন নাকচ কৰি প্ৰত্যাৰ্পণ চুক্তিৰ জৰিয়তেহে তেওঁক উভতাই নিয়া হ’ব বুলি জনাইছে। গংগাৰ পানী বণ্টন চুক্তিখন বাংলাদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই তাৰিক ৰহমান চৰকাৰে ভাৰতৰ সৈতে এই বিষয়টো উত্থাপন কৰি আহিছে। এপ্ৰিল মাহত ঢাকাই ১০ জনীয়া এখন কাৰিকৰী সমিতি গঠন কৰাৰ লগতে ৮ জুনত ভাৰতক আলোচনাৰ বাবে আহ্বান জনাইছিল যদিও ইয়াৰ কোনো সুফল পোৱা নগ’ল। আনহাতে, ভাৰতে এই ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুওৱা নাই আৰু চুক্তিখনৰ ভৱিষ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰিক ৰহমানৰ মাজৰ বৈঠকৰ সৈতে জড়িত কৰি ৰাখিছে। যোৱা জুলাই মাহত ভাৰতীয় সংসদীয় স্থায়ী সমিতিয়ে পলম নকৰাকৈ আলোচনা আৰম্ভ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ পাছতো নতুন দিল্লীয়ে যৌথ নদী আয়োগৰ জৰিয়তেহে এই বিষয়ে সিদ্ধান্ত লোৱা হ’ব বুলি কৈ আহিছে।

১৯৯৬ চনৰ ১২ ডিচেম্বৰত স্বাক্ষৰিত এই চুক্তিখনে ১ জানুৱাৰীৰ পৰা ৩১ মে’লৈ ফাৰাক্কা বান্ধৰ পানী বণ্টনৰ সূত্ৰ নিৰ্ধাৰণ কৰে। চুক্তি অনুসৰি পানীৰ পৰিমাণ ৭০,০০০ কিউছেক বা তাতকৈ কম হ’লে দুয়োখন দেশে সমান ভাগ পায়; ৭০,০০০ৰ পৰা ৭৫,০০০ কিউছেকৰ ভিতৰত হ’লে বাংলাদেশে ৩৫,০০০ কিউছেক লাভ কৰে আৰু ৭৫,০০০ কিউছেকতকৈ অধিক হ’লে ভাৰতে ৪০,০০০ কিউছেক ৰাখি বাকী অংশ বাংলাদেশক দিয়ে।কিন্তু ১৯৪৯ চনৰ পৰা ১৯৮৮ চনৰ তথ্যৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা এই সূত্ৰটো এতিয়া অপ্ৰাসংগিক হৈ পৰিছে। ২০২৫ চনৰ এক অধ্যয়ন অনুসৰি গংগাৰ পৰা বাংলাদেশৰ গড়াই নদীলৈ নির্মল পানীৰ প্ৰৱাহ যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত দক্ষিণ-পশ্চিম বাংলাদেশ আৰু সুন্দৰবন অঞ্চলত লৱণাক্ততা বৃদ্ধি পাইছে। আনকি বাংলাদেশৰ গংগা-কপোতাক্ষ জলসিঞ্চন প্ৰকল্পৰ আওতাও ৯৫৫ বৰ্গ কিলোমিটাৰৰ পৰা ৫৫০ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে।ইফালে, ভাৰতৰ অভ্যন্তৰতো এই চুক্তিক লৈ আপত্তি উঠিছে। বিহাৰৰ শাসকীয় মিত্ৰদল জনতা দল (ইউনাইটেড)-এ ফাৰাক্কা বান্ধৰ ফলত বিহাৰত বানপানী আৰু পলস জমা হোৱাৰ অভিযোগ তুলি বৰ্তমানৰ ৰূপত চুক্তিখন নৱীকৰণ নকৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে। আনহাতে, পশ্চিম বংগইও নৱীকৰণৰ সময়ত ৰাজ্যখনৰ খোৱাপানী আৰু উদ্যোগিক প্ৰয়োজনীয়তাক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে। বিশেষজ্ঞসকলৰ মতে, ৰাজনৈতিক মতানৈক্যৰ বাবে নদীৰ পানী বণ্টনৰ দৰে মানৱীয় আৰু পাৰিপাৰ্শ্বিক বিষয়টোক পণবন্দী কৰি ৰখা উচিত নহয়। শেহতীয়া জলবিজ্ঞানৰ তথ্যৰ ভিত্তিত বান নিয়ন্ত্ৰণ, পলস ব্যৱস্থাপনা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন চুক্তিৰ দিশে আগবঢ়াটো অত্যন্ত জৰুৰী হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *