কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখন গুৱাহাটীৰ উলুবাৰীস্থিত এছ বি ডেওৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলাৰ সভানেত্রী দৰ্পণা বৰা নেওগে । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী ডঃ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ লীলাৱতী শইকীয়া বৰা আৰু উপদেষ্টা জীৱন মাধুৰী নেওগে । স্মৃতি তৰ্পণ কৰে বিশিষ্ট কবি , অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ মঞ্জু দেৱী পেগু আৰু বিশিষ্ট লেখিকা অধ্যাপিকা ডঃ জয়শ্ৰী বৰাই। সভানেত্রী দৰ্পণা বৰা নেওগৰ সভাপতিত্বত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে কামৰূপ জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা শিক্ষাবিদ নন্দিতা চলিহাই। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাত সম্পাদিকা শেৱালি ভাগৱতীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ দৈনিক জনমভূমি কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে ভাষণ প্ৰসংগত নাৰীৰ এই বৌদ্ধিক উত্থানৰ কথা ঐতিহাসিক প্ৰেক্ষাপটৰ মাধ্যমেৰে ব্যাখ্যা দাঙি ধৰে । বিশিষ্ট অতিথি শিশু সাহিত্যিক শশীপ্ৰভা দাস আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্রী নীলিমা বৰাই চমু ভাষণ প্ৰদান কৰে । সভাত দীপাঞ্জলি ভট্টাচাৰ্য আৰু ৰীতা দাস সম্পাদিত মুখপত্র ‘প্ৰাগজ্যোতি’ উন্মোচন কৰে শিশু সাহিত্যিক শশীপ্ৰভা দাসে। দৰ্পণা বৰা নেওগ সম্পাদিত ৩৮ গৰাকী লেখিকাৰ লেখা সমৃদ্ধ জীৱনী গ্ৰন্থ ‘জীৱন এষণা’ উন্মোচন কৰে দৈনিক জনমভূমিৰ প্ৰধান সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে’; সদস্যাৰ দ্বাৰা ৰচিত তথা দীপাঞ্জলি ভট্টাচাৰ্য আৰু অৰুণিমা দত্তই সম্পাদনা কৰা অণুগল্প সংকলন ‘মৃগনাভি’ উন্মোচন কৰে সাহিত্যিক নীলিমা বৰাই । বিশিষ্ট সাহিত্যিক ‘নীলিমা বৰাৰ ‘সৃষ্টিত দৃষ্টি’ নামৰ তেওঁৰ ৰচনাৰাজিৰ পৰ্য্যালোচনাৰে প্ৰণীতা শৰ্মাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰে উপদেষ্টা নন্দিতা চলিহাই । ডাঃ কৰবী গোস্বামী ৰচিত ‘মানৱ শৰীৰ আৰু ৰোগ’গ্ৰন্থখন উন্মোচন কৰে দৰ্পণা বৰা নেওগে।সভাত পূৰ্বতে জিলা ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰো পুৰস্কাৰ প্ৰদান কৰা হয়। শিশু সাহিত্যিক চন্দ্ৰপ্ৰভা দেৱী সোঁৱৰণী শিশু গল্প সংকলন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰে ববিতা কলিতাই। প্ৰেমানন্দ বৰা সোঁৱৰণী শ্ৰেষ্ঠ মুখপত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ মুখপত্ৰৰ সন্মান লাভ কৰে পাঞ্জাবাৰী শাখাই , বসন্ত নেওগ সোঁৱৰণী শ্ৰেষ্ঠ শাখা প্ৰতিযোগিতাৰ বঁটা লাভ কৰে হেঙেৰাবাৰী শাখাই আৰু কমলা উজীৰ সোঁৱৰণী গ্ৰন্থ পৰ্য্যালোচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ আমেনা মণ্ডলে , দ্বিতীয় স্থান লাভ কৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ উদ্ধৱ কলিতাই আৰু তৃতীয় স্থান লাভ কৰে গুৱাহাটী কলেজৰ উমা মণ্ডলে। বিয়লি ডেৰ বজাৰ পৰা শাখাসমূহৰ সদস্যাৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় । জাতীয় সংগীতেৰে অধিৱেশনখনৰ সামৰণি পৰে। Share this:FacebookX Related Post navigation পৰিষ্কাৰ-পৰিচ্ছন্নতা পথ পুথিভঁৰাল পানী আৰু পোহৰত গুৰুত্ব ১০০ দিনীয়া অভিযানত মেয়ৰ মৃগেন শৰণীয়া কাংকু চাৰ্কোলত সেৱা আপকে দ্বাৰ ২.০ শিবিৰ