অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ (AFCSCL) উদ্যোগত সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত সমগ্ৰ অসমৰ চাউল কলৰ মালিকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে বৈঠকত উপস্থিত থাকি চাউল কলৰ মালিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু অসুবিধাৰ বিষয়ে বিতং আলোচনা কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে পৰ্যায়ক্ৰমে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

বৈঠকৰ সময়ত চাউল কলৰ মালিকসকলে তেওঁলোকৰ ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে জড়িত বিভিন্ন কাৰ্যকৰী আৰু পদ্ধতিগত অসুবিধাৰ বিষয়ে, বিশেষকৈ ধান সংগ্ৰহ আৰু চাউল যোগানৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁলোকৰ উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে সমস্যাসমূহ গুৰুত্বসহকাৰে পৰীক্ষা কৰা হ’ব আৰু চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত তেওঁলোকৰ বকেয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰা হ’ব।

সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ২০২১ চনত ধান সংগ্ৰহৰ পদক্ষেপৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা অসমত ধান সংগ্ৰহ খণ্ডত হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে যোৱা বছৰ ৰাজ্যখনে দুটা পৰ্যায়ত ৮.০৫ লাখ মেট্ৰিক টন ধান সংগ্ৰহ কৰি সৰ্বকালৰ সৰ্বাধিক অভিলেখ গঢ়িছিল।

এই কৃতিত্বৰ বাবে কৃষক, ধান সংগ্ৰহ কেন্দ্ৰ (PPC), চাউল কলৰ মালিক, বিভাগীয় বিষয়া আৰু অন্যান্য সকলো অংশীদাৰক অভিনন্দন জনাই তেওঁ আশা প্ৰকাশ কৰে যে সামূহিক সহযোগিতা আৰু সমন্বিত প্ৰচেষ্টাৰে ৰাজ্যখনে ২০২৬-২৭ বৰ্ষৰ প্ৰথম পৰ্যায়ত ৮.৪৯ লাখ মেট্ৰিক টন ধান সংগ্ৰহৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব।

সংগ্ৰহ প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, জবাবদিহিতা আৰু দক্ষতা নিশ্চিত কৰাৰ বাবে নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ধান সংগ্ৰহ কেন্দ্ৰসমূহৰ কাম-কাজ তদাৰক কৰিবলৈ ইতিমধ্যে সংশ্লিষ্ট বিধায়কসকলৰ সভাপতিত্বত সমষ্টি পৰ্যায়ত সমিতি গঠন কৰা ইতিমধ্যে হৈছে। তেওঁ লগতে কয় যে ধান সংগ্ৰহৰ পৰা চাউল যোগানলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিবলৈ এক বিস্তৃত মানক কাৰ্যকৰী পদ্ধতি (SOP) প্ৰস্তুত কৰা হ’ব।

সকলো অংশীদাৰৰ মাজত অধিক সমন্বয়ৰ গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতীয় খাদ্য নিগমৰ (FCI) আঞ্চলিক কাৰ্যালয়ক নিৰ্দেশ দিয়ে যাতে ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত FCI ৰ বিষয়া-কৰ্মচাৰীসকলক এটা উমৈহতীয়া মঞ্চত একত্ৰিত কৰি সংগ্ৰহ প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ বিষয়ে তেওঁলোকক সজাগ কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে লক্ষ্য কৰে যে ৰাজ্যখনৰ ধান সংগ্ৰহ আৰু চাউল যোগান ব্যৱস্থাৰ সফলতা কৃষক, ধান সংগ্ৰহ কেন্দ্ৰ, চাউল কলৰ মালিক, ভাৰতীয় খাদ্য নিগম আৰু সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ মাজত কাৰ্যকৰী সমন্বয় আৰু পাৰস্পৰিক সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ কৃষকৰ বাবে নূন্যতম সমৰ্থন মূল্য নিশ্চিত কৰা, চাউল কলৰ মালিকসকলৰ বকেয়া ধন সময়মতে আদায় দিয়া আৰু সমগ্ৰ সংগ্ৰহ তথা যোগান শৃংখল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলোকে সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু নিৰ্দেশনাত ৰাজ্য চৰকাৰে ধান সংগ্ৰহ ব্যৱস্থাৰ ধাৰাবাহিক উন্নতিৰ জৰিয়তে কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু অসমৰ কৃষি অৰ্থনীতি শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

বৈঠকত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলে বিভিন্ন ব্যৱস্থা আৰু পদ্ধতিগত ব্যৱস্থাৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে যাৰ জৰিয়তে চাউল কলৰ মালিকসকলে তেওঁলোকৰ কাম-কাজ সহজ কৰি তুলিব পাৰে আৰু লাভান্বিত হ’ব পাৰে।

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ উপ-অধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰাল আৰু ভাৰতীয় খাদ্য নিগমৰ আঞ্চলিক কাৰ্যালয়ৰ উপ-মহাপ্ৰৱন্ধক ফয়সাল নাইমেও সভাত ভাষণ দিয়ে আৰু চাউল কলৰ মালিকসকলে উত্থাপন কৰা উদ্বেগসমূহ সমাধানৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সহযোগিতাৰ আশ্বাস দিয়ে।

বৈঠকত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব অনুসূয়া দত্ত বৰুৱা, আয়ুক্ত হেমন্ত ভূঞা, AFCSCL ৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা আৰু সংশ্লিষ্ট বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *