ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ খেলুৱৈ জীৱনৰ পৰা অৱসৰ ঘোষণা কৰিছে। ইয়াৰ লগে লগে দুটা দশকতকৈও অধিক কালজোৰা এক গৌৰৱময় ক্ৰিকেট যাত্ৰাৰ যৱনিকা পৰিল। ৪৫ বছৰীয়া ধোনীৰ এই সিদ্ধান্তই চেন্নাই ছুপাৰ কিংছৰ বাবেও এক যুগৰ অৱসান ঘটাইছে, যাক তেওঁ পাঁচটাকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ খিতাপ জয় কৰাইছিল। ধোনীয়ে ২০২০ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল যদিও আই পি এলত চি এছ কেক প্ৰতিনিধিত্ব কৰি আছিল। সৰ্বকালৰ শ্ৰেষ্ঠ ফিনিচাৰ হিচাপে পৰিচিত ধোনীয়ে ১৫ বছৰ ধৰি ভাৰতীয় দলক সেৱা আগবঢ়োৱাৰ লগতে আই পি এলত চি এছ কেৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছিল। ক্ৰিকেট ইতিহাসৰ অন্যতম চতুৰ আৰু সফল অধিনায়ক ধোনীয়ে আই চি চিৰ খিতাপকে ধৰি বিভিন্ন ফৰ্মেটত অলেখ সন্মান অৰ্জন কৰিছিল। নিজৰ চিৰসেউজ ‘প্ৰচেছ’ বা প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দি খেলপথাৰত নমা ধোনীয়ে প্ৰায়ে ফলাফল নিজৰ পক্ষত আনিবলৈ সক্ষম হৈছিল। ক্ৰিকেটলৈ তেওঁৰ অৱদান সদায় অমূল্য হৈ ৰ’ব। আই পি এলৰ শেহতীয়া কেইটামান ছিজনত ধোনীয়ে বেটিঙৰ ক্ষেত্ৰত কিছু সীমিত ভূমিকা পালন কৰি মূলতঃ ফিনিচাৰ হিচাপে খেলিছিল। তেওঁ ২০২৩ চনৰ আই পি এলত ১০৪ ৰান, ২০২৪ চনত ১৬১ ৰান আৰু ২০২৫ চনত ১৯৬ ৰান সংগ্ৰহ কৰিছিল। আঁঠুৰ সমস্যাৰ সৈতে যুঁজিও প্ৰাক্তন অধিনায়কগৰাকীয়ে দ্ৰুত কেমিঅ’ ইনিংছ খেলি আহিছিল। অৱশ্যে, ভৰিৰ মাংসপেশীৰ আঘাতৰ বাবে তেওঁ ২০২৬ চনৰ সম্পূৰ্ণ আই পি এল ছিজনৰ পৰা বাহিৰ থাকিবলগীয়া হৈছিল। ২০০৪ চনত দীঘল চুলিৰ ৰাঁচীৰ যুৱকজনৰ আন্তঃৰাষ্ট্ৰীয় অভিষেক এক দুৰ্ভাগ্যজনক ৰান-আউটেৰে ম্লান পৰিছিল। কিন্তু সেই বিফলতাই তেওঁক ক্ৰিকেট জগতত এক ঘৰুৱা নাম হৈ পৰাত বাধা দিব নোৱাৰিলে। ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত আন এক যন্ত্ৰণাদায়ক ৰান-আউটেৰে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ সমাপ্তি ঘটিছিল। এই দুটা ৰান-আউটৰ মাজৰ সময়ছোৱাত ধোনীয়ে দেশক বিচৰা সকলো সফলতা অৰ্জন কৰি দিছিল।ভাৰতীয় ক্ৰিকেটৰ ৰূপৰেখা সলনি কৰা ধোনী সৰ্বকালৰ শ্ৰেষ্ঠ ফিনিচাৰ হিচাপে স্মৰণীয় হৈ ৰ’ব। ভাৰতৰ হৈ ৩৫০ খন এদিনীয়া মেচ খেলি তেওঁ ৫০.৬ গড়ে ১০,৭৭৩ ৰান সংগ্ৰহ কৰিছে, য’ত ১০টা শতক আৰু ৭৩টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে। ৯৮ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত তেওঁ দুটা অৰ্ধশতকসহ ৩৭.৬ গড়ে ১,৬১৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ২০১৪ চনত ৯০ খন টেষ্ট মেচ খেলাৰ পাছত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। ধোনীৰ নেতৃত্বতে ভাৰতে ২০০৭ চনত প্ৰথমবাৰৰ বাবে আই চি চি বিশ্ব টি-২০ খিতাপ জয় কৰিছিল। ইয়াৰ পাছত ২০১১ চনত ঘৰুৱা মাটিত ছিক্সাৰ কোবাই তেওঁ ভাৰতক দ্বিতীয়টো এদিনীয়া বিশ্বকাপৰ খিতাপ অৰ্জন কৰায়। ২০১৩ চনত তেওঁৰ অধিনায়কত্বত ভাৰতে আই চি চি চেম্পিয়নছ ট্ৰফীও জয় কৰে। তদুপৰি, ২০০৯ চনত তেওঁৰ নেতৃত্বতে ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে বিশ্বৰ এক নম্বৰ টেষ্ট দল হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। আই পি এলত সৰ্বাধিক মেচত নেতৃত্ব দিয়াৰ অভিলেখ ধোনীৰ নামত আছে। ক্ৰিকইনফ’ৰ তথ্য অনুসৰি, অধিনায়ক হিচাপে তেওঁ ২৩৫ খন মেচৰ ভিতৰত ১৩৬ খনত জয়লাভ কৰাৰ বিপৰীতে ৯৭ খনত পৰাস্ত হৈছে (দুখন মেচ অমীমাংসিত)। ১০০ খনতকৈ অধিক আই পি এল মেচত জয়লাভ কৰা ধোনী একমাত্ৰ অধিনায়ক। ৬০ খনতকৈ অধিক মেচত নেতৃত্ব দিয়া অধিনায়কসকলৰ ভিতৰত তেওঁৰ জয়ৰ শতকৰা হাৰ (৫৭.৮৭%) সৰ্বাধিক। উল্লেখ্য যে ধোনীয়ে ২০০৮ চনৰ পৰা ২০২৫ চনলৈ আই পি এলত ২২১ বাৰ চি এছ কেক নেতৃত্ব দিছিল। ইয়াৰ ভিতৰত তেওঁ ১৩১ খন মেচত দলটোক জয়ী কৰোৱাৰ লগতে ৮৮ খনত পৰাস্ত হৈছিল আৰু দুখন মেচৰ ফলাফল ওলোৱা নাছিল। চি এছ কেৰ অধিনায়ক হিচাপে তেওঁৰ জয়ৰ হাৰ ৫৯.২৭ শতাংশ। চি এছ কেৰ পাঁচোটাই খিতাপ ধোনীৰ নেতৃত্বতে আহিছিল। উল্লেখযোগ্য যে ধোনীয়ে ২০১৬ চনৰ আই পি এলত ৰাইজিং পুনে ছুপাৰজায়েণ্টছকো নেতৃত্ব দিছিল। সামগ্ৰিক টি-২০ ক্ৰিকেটৰ আটাইতকৈ সফল অধিনায়ক হিচাপে ধোনীয়ে বিদায় লৈছে। চি এছ কে, ভাৰত, ইণ্ডিয়ানছ আৰু ৰাইজিং পুনে ছুপাৰজায়েণ্টছৰ হৈ মুঠ ৩৩১ খন টি-২০ মেচত নেতৃত্ব দিয়া তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ। অধিনায়ক হিচাপে ধোনীয়ে ১৯২ খন মেচত জয় আৰু ১৩৩ খনত পৰাজয় বৰণ কৰিছে (টাই: ২, ফলাফলহীন: ৪)। আন মাত্ৰ পাঁচগৰাকী অধিনায়কেহে ১০০ৰো অধিক টি-২০ মেচত জয়লাভ কৰিছে, য’ত ধোনী আন সকলোতকৈ বহু আগবাঢ়ি আছে। দীৰ্ঘদিনীয়া আই পি এল কেৰিয়াৰত ধোনীয়ে ২৭৮ খন মেচ খেলি ৩৮.৩০ গড়ে ৫,৪৩৯ ৰান সংগ্ৰহ কৰিছে। ইয়াত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৩৭.৪৫ আৰু অৰ্ধশতকৰ সংখ্যা ২৪টা। ধোনীয়ে মুঠ ২৬৪টা ছিক্সাৰ কোবাইছিল, যাৰ অধিকাংশই ডেথ অভাৰত আহিছিল। ইয়াৰ উপৰিও, আই পি এলত ২০০ৰো অধিক উইকেটকীপিং ডিছমিছেল (১৫৪টা কেচ আৰু ৪৭টা ষ্টাম্পিং) কৰা তেওঁ একমাত্ৰ খেলুৱৈ। Share this:FacebookX Related Post navigation বিজয় মাৰ্চেণ্ট ট্ৰফী এলিটত হিমাচল প্ৰদেশৰ বিৰুদ্ধে অসমৰ সাত উইকেটত জয়লাভ