বিজয়ৱাড়াৰ ডিভিআৰ খেলপথাৰত অনুষ্ঠিত বিজয় মাৰ্চেণ্ট ট্ৰফী এলিটৰ এখন খেলত হিমাচল প্ৰদেশক সাত উইকেটত পৰাস্ত কৰি অসমে ছয় পইণ্ট অৰ্জন কৰিছে।টছত জিকি হিমাচল প্ৰদেশে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও ৩৪.১ অভাৰত মাত্ৰ ১১২ ৰানতে অল আউট হয়। অসমৰ হৈ মইনা কলিতাই ৩৯ ৰানত ৭ টা উইকেট দখল কৰি এক অনবদ্য বলিং প্ৰদৰ্শন আগবঢ়ায়। আনহাতে কুনাল উপাধ্যায় আৰু ৰিয়ান নন্দীয়ে এটাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত অসমে ১০২.১ অভাৰত ৩০৫ ৰান সংগ্ৰহ কৰি এক শক্তিশালী প্ৰথম ইনিংছৰ অগ্ৰগতি লাভ কৰে। স্বৰ্ণভ শ্ৰীহিত গুৰু দাসে ১২২ টা বলত সৰ্বাধিক ৭২ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ৰেয়াংশ পাণ্ডেই ৪৯ ৰান, ৰিয়ান নন্দীয়ে ৩৬ ৰান আৰু নীলাভ্ৰ নিবিড় মেধিয়ে ৩৩ ৰানৰ অৱদান আগবঢ়ায়। হিমাচলৰ হৈ বেদান্ত শৰ্মাই ৭২ ৰানত ৬ টা উইকেট লয়। হিমাচল প্ৰদেশে দ্বিতীয় ইনিংছত উন্নত যুঁজ দি ৯৬.২ অভাৰত ৩০৩ ৰান সংগ্ৰহ কৰে। অসমৰ হৈ কুনাল উপাধ্যায়ে ৭৭ ৰানত ৬ টা উইকেট দখল কৰি বলিং আক্ৰমণৰ নেতৃত্ব দিয়ে। দিগবিজয় এন চেত্ৰীয়েও ১০১ ৰানত ৩ টা উইকেট দখল কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ১১১ ৰানৰ লক্ষ্য অনুসৰণ কৰি অসমে ২৯.২ অভাৰত মাত্ৰ ৩ টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হৈ জয় নিশ্চিত কৰে। স্বৰ্ণভ শ্ৰীহিত গুৰু দাসে ৮০ টা বলত ৫০ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে অধিনায়ক ৰিয়ান নন্দীয়ে ৪৩ টা বলত ৩৮ ৰান কৰি অপৰাজিত হৈ থাকে। হিমাচলৰ হৈ যশ এন চৌধুৰীয়ে তিনিওটা উইকেট দখল কৰে। সংক্ষিপ্ত স্ক’ৰ: হিমাচল প্ৰদেশ (প্ৰথম ইনিংছ): ১১২/১০ (৩৪.১ অভাৰ); উদয়বীৰ আৰ আটলাছ ৩০, যশ এন চৌধুৰী ২০; মইনা কলিতা ৭/৩৯। অসম (প্ৰথম ইনিংছ): ৩০৫/১০ (১০২.১ অভাৰ); স্বৰ্ণভ শ্ৰীহিত গুৰু দাস ৭২, ৰেয়াংশ পাণ্ডে ৪৯, ৰিয়ান নন্দী ৩৬, নীলাভ্ৰ নিবিড় মেধি ৩৩; বেদান্ত শৰ্মা ৬/৭২। হিমাচল প্ৰদেশ (দ্বিতীয় ইনিংছ): ৩০৩/১০ (৯৬.২ অভাৰ); সম্ভৱ শৰ্মা ৫৭, সুবংশ এছ দ্বিবেদী ৫৪; কুনাল উপাধ্যায় ৬/৭৭, দিগবিজয় এন চেত্ৰী ৩/১০১। অসম (দ্বিতীয় ইনিংছ): ১১১/৩ (২৯.২ অভাৰ); স্বৰ্ণভ শ্ৰীহিত গুৰু দাস ৫০, ৰিয়ান নন্দী ৩৮। অসম ক্ৰিকেট সন্থাই দলটোৰ এই উল্লেখনীয় জয়ত খেলুৱৈ আৰু সহায়ক কৰ্মকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰিছে। Share this:FacebookX Related Post navigation ‘অৰ্ণৱ’ৰ পিছত এইবাৰ আহি আছে ঘূৰ্ণীবতাহ ‘আকৱান’; একাধিক ৰাজ্যত হাই এলাৰ্ট জাৰি অসমৰ ক্ৰমবৰ্ধমান উদ্যোগীকৰণৰ প্ৰচেষ্টাক ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ প্ৰশংসা