প্ৰস্তাৱিত শ্বিলং পিক ৰোপৱে প্ৰকল্পই মেঘালয়ৰ অন্যতম বিতৰ্কিত উন্নয়নমূলক বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছে। স্থানীয় বাসিন্দা আৰু ৰাজনৈতিক দলসমূহৰ বিৰোধিতা বৃদ্ধি পোৱাৰ স্বত্বেও ৰাজ্য চৰকাৰে এই প্ৰকল্পটো ৰূপায়ণৰ ক্ষেত্ৰত দৃঢ় স্থিতি গ্ৰহণ কৰিছে।

এই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে শ্বিলং ৰোপৱে প্ৰকল্পৰ বিৰোধী যুটীয়া কাৰ্যকৰী সমিতি (JAC)। বিশেষকৈ মহিলা প্ৰতিবাদকাৰীসকলে ৬ নৱেম্বৰৰ পৰা ধৰ্না আৰু অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে। প্ৰতিবাদকাৰীসকলৰ শংকা যে ১৫১ কোটি টকীয়া এই প্ৰকল্পই লুম শ্বিলঙৰ পৰিৱেশ সংবেদনশীল অঞ্চল আৰু খোৱাপানীৰ উৎসসমূহৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।

ৰাজপথত বিৰোধিতা দৃশ্যমান হ’লেও অনলাইনত বহু বাসিন্দাই ৰোপৱে প্ৰকল্পক সমৰ্থন জনাইছে। তেওঁলোকে ইয়াক পৰ্যটনৰ বিকাশ আৰু যান-জঁটৰ সমাধান হিচাপে গণ্য কৰিছে। অৱশ্যে সমৰ্থনকাৰীসকলে এতিয়ালৈকে কোনো ৰাজহুৱা প্ৰদৰ্শন কৰা নাই।

চৰকাৰে ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া এই প্ৰকল্পটো বাতিল কৰাৰ সম্ভাৱনা নাকচ কৰিছে। বিষয়াৰ মতে অনুমোদনৰ পূৰ্বে সকলো পৰিৱেশ সম্পৰ্কীয় চাড়পত্ৰ আৰু মূল্যায়ন কৰা হৈছে। লগতে তেওঁলোকে কয় যে প্ৰকল্পস্থলী পবিত্ৰ শ্বিলং পিকৰ পৰা প্ৰায় ৩.১৫ কিলোমিটাৰ দূৰত অৱস্থিত। চৰকাৰে দাবী কৰে যে এই আন্তঃগাঁথনিয়ে পানীৰ উৎসত কোনো প্ৰভাৱ নেপেলায়।

এই বিতৰ্কই ক্ৰমান্বয়ে ৰাজনৈতিক ৰূপ লৈছে। ভি পি পি (VPP) আৰু কংগ্ৰেছে ৰোপৱে বিৰোধী আন্দোলনক সমৰ্থন জনাইছে। ভি পি পিৰ সভাপতি আৰ্ডেণ্ট মিলাৰ বাচায়াওমৈটে চৰকাৰক এই আন্দোলন দমন নকৰিবলৈ সকীয়াই দিছে। তেওঁ কয় যে লুম শ্বিলঙে শ্বিলং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ পানীৰ উৎস সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আন্দোলনকাৰীসকলৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে। হাইনুট্ৰেপ ইউথ কাউঞ্চিল (HYC) আৰু ভি পি পিৰ যুৱ শাখাই চৰকাৰৰ পৰিৱেশ সংক্ৰান্তীয় দাবীসমূহক প্ৰত্যাহ্বান জনাইছে। তেওঁলোকে শ শত গছ কটাৰ ফলত হ’ব পৰা পৰিৱেশৰ ক্ষতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

কাণ্ডুলীৰ বাসিন্দাসকলেও চৰকাৰৰ বিশেষজ্ঞ সমিতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। তেওঁলোকে কয় যে লুম শ্বিলং এক পবিত্ৰ আৰু পৰিৱেশ সংবেদনশীল স্থান, গতিকে ইয়াত এনে প্ৰকল্প কৰাটো অনুচিত। তেওঁলোকে চৰকাৰক এই ৰোপৱে প্ৰকল্পটো অন্য কোনো বিকল্প স্থানলৈ স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে।

চৰকাৰ আৰু বিৰোধী পক্ষৰ মাজত চলি থকা এই স্থিতিৰ ফলত শ্বিলং ৰোপৱে বিতৰ্ক মেঘালয়ৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু পৰিৱেশগত বিষয় হৈ থাকিব।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *