ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়া(পিচিআই)ই ১৪ নৱেম্বৰত সোণাপুৰৰ টেপেছিয়াস্থিত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত স্বস্থ ভাৰত: এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স প্ৰতিৰোধ শীৰ্ষক বিষয়বস্তুৰে ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰিছে।এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাত ফাৰ্মাচিষ্টসকলৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা আৰু বৰ্তমান সময়ত জনস্বাস্থ্যৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়া এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স (এএমআৰ) সন্দৰ্ভত সজাগতা সৃষ্টি কৰা। এণ্টিবায়’টিক আৰু অন্যান্য এণ্টিমাইক্ৰ’বিয়েল ঔষধৰ অনুপযুক্ত তথা অত্যধিক ব্যৱহাৰক এএমআৰ-ৰ অন্যতম প্ৰধান কাৰণ হিচাপে চিনাক্ত কৰা হৈছে, যাৰ ফলত বিভিন্ন সংক্ৰমণৰ চিকিৎসা ক্ৰমান্বয়ে জটিল হৈ পৰিছে। এই উদযাপনে এণ্টিবায়’টিকৰ যুক্তিসংগত ব্যৱহাৰ, দায়িত্বশীলভাৱে ঔষধ বিতৰণ, ৰোগীক সঠিক পৰামৰ্শ প্ৰদান আৰু এণ্টিমাইক্ৰ’বিয়েল ষ্টিৱাৰ্ডশ্বিপৰ প্ৰচাৰত গুৰুত্ব আৰোপ কৰিব।এই কাৰ্যসূচীত উদ্বোধনী অধিৱেশন, বিশিষ্ট ব্যক্তিৰ ভাষণ, বিশেষজ্ঞৰ বক্তৃতা, বৈজ্ঞানিক উপস্থাপন, পেনেল আলোচনা আৰু জনসজাগতামূলক কাৰ্যসূচী ৰখা হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ফাৰ্মাচী পেছাদাৰী, চৰকাৰী বিষয়া, গৱেষক, স্বাস্থ্যকৰ্মী, শিক্ষাবিদ আৰু শিক্ষাৰ্থীকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।টেপেছিয়াত এই ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটো আয়োজন কৰাৰ ফলত সোণাপুৰত স্বাস্থ্যসেৱা পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু দৰ্শনাৰ্থীৰ সমাগম ঘটিব, যাৰ ফলত বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ চৌপাশৰ অঞ্চলত বৃদ্ধি পোৱা ব্যস্ততাৰ জৰিয়তে স্থানীয় ব্যৱসায়ী, চালক আৰু সেৱা প্ৰদানকাৰীসকলে লাভান্বিত হোৱাৰ সুযোগ পাব। পিচিআই আৰু ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়াৰ অসম শাখাই এণ্টিমাইক্ৰ’বিয়েল ষ্টিৱাৰ্ডশ্বিপৰ প্ৰতি পেছাদাৰী দায়বদ্ধতা শক্তিশালী কৰাৰ লগতে এখন সুস্থ ভাৰত গঢ়াৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীত অৰিহণা যোগাবলৈ সদায়ে প্ৰয়াস কৰি আহিছে। Share this:FacebookX Related Post navigation কলকাতাত ১৯ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱসৰ ৱেবছাইট মুকলি কৰিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে