অনুপ্ৰৱেশৰ বাবে জনবিন্যাস সলনি হৈছে সীমান্তৱৰ্তী অঞ্চলসমূহৰ। স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰদান কৰা ভাষণত এই আশংকা প্ৰকাশ কৰিছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশক সুৰক্ষিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল এক বিশেষ ‘ভিছন ডেম’গ্ৰাফী’ অভিযানৰ। মোদীৰ সেই নিৰ্দেশ মৰ্মে এতিয়া জনবিন্যাসৰ পৰিৱৰ্তন ৰোধ কৰিবলৈ এক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে যে অনুপ্ৰৱেশৰ ফলত জনবিন্যাসত ঘটা পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ পৰীক্ষা কৰিবলৈ কেন্দ্ৰই এক উচ্চস্তৰীয় কমিটি গঠন কৰিছে। এই কমিটিত অন্তৰ্ভুক্ত কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰ, প্রাক্তন আই এ এছ বিষয়া দুৰ্গাশংকৰ মিশ্ৰ, প্ৰাক্তন আই পি এছ বিষয়া বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ ড০ শমিকা ৰৱীক। ইয়াৰ উপৰিও লোকপিয়ল আয়ুক্ত, গৃহ মন্ত্ৰালয়ৰ সচিব আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিবসকলো এই কমিটিত থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, দেশৰ বিভিন্ন প্ৰান্তত অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণত সলনি হোৱা জনবিন্যাসৰ সন্দৰ্ভত এক বিতং প্ৰতিবেদন দাখিল কৰাটোৱেই হ’ব এই কমিটিৰ মূল দায়িত্ব। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়, “জনবিন্যাসৰ পৰিৱৰ্তন এক অত্যন্ত গুৰুতৰ বিষয়। ই কেৱল ভাৰতৰ সাৰ্বভৌমত্বতে আঘাত কৰা নাই, বৰঞ্চ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবেও এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। ইয়াৰ ফলত আইন-শৃংখলা পৰিস্থিতি আৰু সামাজিক গাঁথনিৰ প্ৰতিও ভয়ংকৰ বিপদ নামি আহিব পাৰে।” তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে এই কমিটিয়ে কেৱল অনুপ্ৰৱেশৰ কাৰণেই নহয়, বৰঞ্চ ধৰ্মান্তকৰণ বা আন কোনো অস্বাভাৱিক কাৰণত জনসংখ্যাৰ গাঁথনি সলনি হৈছে নেকি, তাকো পুংখানুপুংখভাৱে পৰীক্ষা কৰিব। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বিজেপিৰ তৰফৰ পৰা অভিযোগ উত্থাপন হৈ আহিছিল যে অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰাত পূৰ্বৰ বিৰোধী চৰকাৰসমূহৰ অসহযোগিতাৰ বাবেই অনুপ্ৰৱেশ ৰোধ কৰাত সমস্যাৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত সীমান্তৱৰ্তী জিলাসমূহত খিলঞ্জীয়া জনসংখ্যাৰ ভাৰসাম্য বিঘ্নিত হোৱাৰ আশংকাই দেখা দিছিল। বৰ্তমান এই ৰাজ্যসমূহত পৰিস্থিতি অনুকূল থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে জনবিন্যাসৰ এই পৰিৱৰ্তন ৰোধ কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। Share this:FacebookX Related Post navigation জলবায়ু সংকটৰ বাবে জীৱাশ্ম ইন্ধন দায়ী, ৰাষ্ট্ৰসংঘৰ প্ৰধানৰ দাবী