মেঘালয়ৰ ৰাজধানী শ্বিলঙত এটা হোমষ্টে’ ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগত অভিযুক্ত উত্তৰ প্ৰদেশৰ ছয়জন যুৱকে দেওবাৰে সম্পূৰ্ণ কৰিব আদালত নিৰ্ধাৰিত ছয়দিনীয়া সামাজিক সেৱা। মেঘালয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে তেওঁলোকে তিনিটা পৃথক সংস্থাৰ সহযোগত শ্বিলঙৰ বিভিন্ন স্থানত চাফাই আৰু ৰাজহুৱা সেৱামূলক কামত অংশ লয়। এই কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে শ্বিলঙৰ উৰকালিয়াৰত পদ্মশ্ৰী প্ৰাপক তথা জ্যেষ্ঠ সাংবাদিক পেট্ৰিচিয়া মুখিমৰ নেতৃত্বত পৰিবেশ স্বেচ্ছাসেৱী গোট ‘অপাৰেচন ক্লিন আপ’ৰ সৈতে মিলি চাফাই অভিযানত ভাগ লয় এই যুৱককেইজনে। আদালতৰ নিৰ্দেশনা অনুসৰি, এই ছয়দিনীয়া কাৰ্যসূচীৰ অধীনত তেওঁলোকে স্থানীয় এটা গুৰুদ্বাৰত তিনি দিন, ‘জীৱা কেয়াৰ্ছ’ নামৰ সংস্থাৰ সৈতে দুদিন আৰু ‘অপাৰেচন ক্লিন আপ’ৰ সৈতে এদিন ৰাজহুৱা সেৱাত আত্মনিয়োগ কৰাৰ নিৰ্দেশ পাইছিল। এই শাস্তি লাভ কৰা দলটোৰ তিনিজন আছিল নাবালক- এজনৰ বয়স ১৫ বছৰ আৰু দুজনৰ বয়স ১৭ বছৰ। বাকী তিনিজনৰ এজন সদ্য ১৮ বছৰত ভৰি দিয়া কিশোৰ হোৱাৰ বিপৰীতে আন দুজনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিল। এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত ঘটিছিল যোৱা ১১ জুলাইত, যেতিয়া শ্বিলঙৰ লাইতুমখ্ৰা আৰক্ষী থানাত দলটোৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰা হৈছিল। কোঠাৰ নিৰ্ধাৰিত ক্ষমতাতকৈ অতিৰিক্ত লোক থকাক লৈ বাধা দিয়াত অভিযুক্তসকলে হোমষ্টেৰ সম্পত্তি ক্ষতিসাধন কৰাৰ লগতে কৰ্তৃপক্ষক ভাবুকি প্ৰদান কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত হোমষ্টেৰ পৰিচালক আৰু স্বত্বাধিকাৰীৰ সৈতে বুজাবুজিত উপনীত হৈ অভিযুক্তসকলে ক্ষতিপূৰণ হিচাপে ২.০৬ লাখ টকা আদায় দিয়ে। লগতে দুজন অভিযুক্তই অতিৰিক্তভাৱে ২৫ হাজাৰ টকাকৈ জৰিমনা ভৰে। অভিযোগকাৰী পক্ষই কোনো আপত্তি নকৰাৰ ভিত্তিত মেঘালয় উচ্চ ন্যায়ালয়ে পূৰ্বৰ এজাহাৰ বাতিল কৰে আৰু অপৰাধৰ প্ৰায়শ্চিত্ত হিচাপে এই অভিনৱ সামাজিক সেৱাৰ নিৰ্দেশ জাৰি কৰে। দেওবাৰে আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব তেওঁলোকৰ এই ছয়দিনীয়া সেৱা। Share this:FacebookX Related Post navigation ১২ বছৰ পূৰ্বে বোৱাৰীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল স্বামী, শহুৰ! কিন্তু হঠাৎ জীৱন্তে আৱিৰ্ভাৱ ‘মৃত’ মহিলা