প্ৰায় ১২ বছৰ পূৰ্বে সংঘটিত এক তথাকথিত হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ বিহাৰ। এগৰাকী মহিলাৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰিছিল স্বামী অৰুণ মেহতা, শহুৰ দিলীপ মেহতা আৰু বৰজনা গোবিন্দ কুমাৰসহ আঠজনকৈ ব্যক্তিক। বিগত ১২ বছৰ ধৰি চলি থকা এই হত্যাৰ আইনী প্ৰক্ৰিয়া আৰু কাৰাবাসৰ মাজতে এইবাৰ সংঘটিত হয় এক আজৱ ঘটনা। যাৰ হত্যাৰ অপৰাধত এটা পৰিয়ালে আদালত আৰু জেলৰ ভাত খাবলগীয়া হ’ল, সেই সৰস্বতী দেৱী নামৰ মহিলাগৰাকীক আৰক্ষীয়ে ঝাৰখণ্ডৰ পৰা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰে।

২০১৪ চনৰ আগষ্ট মাহত বিহাৰৰ ৰোহতাচ জিলাৰ ডেহৰী অঞ্চলৰ বালৰতি বিঘা-দহাউৰ এলেকাৰ পৰা হঠাৎ নিৰুদ্দেশ হৈছিল সৰস্বতী দেৱী। ইয়াৰ কিছুদিন পিছতেই ২২ আগষ্টত মুফচ্ছিল থানা এলেকাৰ খণ্ডা গাঁৱৰ কাষৰ এটা নলাৰ পৰা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনাস্থলীত উপস্থিত হৈ সৰস্বতীৰ ককায়েকে মৃতদেহটো নিজৰ ভগ্নীৰ বুলি চিনাক্ত কৰে। ইয়াৰ পাছতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সৰস্বতীৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ আঠজন সদস্যৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে আৰক্ষীয়ে। মহিলাগৰাকীৰ স্বামী, শহুৰ আৰু বৰজনাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ফলত বছৰ বছৰ ধৰি কাৰাবাস খাটিবলগীয়া হয় পৰিয়ালটোৱে।

কিন্তু শেহতীয়াকৈ সৰস্বতী দেৱী জীৱিত থকাৰ আৰু ঝাৰখণ্ডত বাস কৰাৰ এক গোপন তথ্য লাভ কৰে ডেহৰীৰ মুফচ্ছিল থানাৰ আৰক্ষীয়ে। তদন্তত নামি আৰক্ষীৰ এটি দলে ঝাৰখণ্ডৰ গঢ়ৱা জিলাৰ কাণ্ডী থানা এলেকাৰ লভাৰী গাঁৱত অভিযান চলায়। তাত ৰট্টু সিং নামৰ এজন ব্যক্তিৰ সৈতে নিজৰ নাম সলনি কৰি কান্তি দেৱী নামেৰে বাস কৰি থকা অৱস্থাত মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে মহিলাগৰাকীক বিহাৰলৈ আনি চাচাৰাম আদালতত হাজিৰ কৰায়।

মহিলাগৰাকী জীৱন্তে ধৰা পৰাৰ পাছতে এতিয়া সমগ্ৰ গোচৰটোৰ পুৰণি তদন্ত পদ্ধতি আৰু অভিযোগক লৈ গুৰুতৰ প্ৰশ্নৰ সৃষ্টি হৈছে। ২০১৪ চনত নলাৰ পৰা উদ্ধাৰ হোৱা সেই মৃতদেহটো প্ৰকৃততে কাৰ আছিল আৰু কোনো ধৰণৰ বৈজ্ঞানিক প্ৰমাণ অবিহনে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কিদৰে স্বামী আৰু আত্মীয়ক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল, তাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালে। নিজৰ জীৱনৰ অমূল্য বাৰটা বছৰ অন্যায়ভাৱে কাৰাগাৰত পাৰ কৰিবলগীয়া হোৱা এই ঘটনাৰ উচিত আৰু নতুন তদন্ত দাবী কৰিছে সৰস্বতীৰ স্বামীৰ পৰিয়ালে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ নতুনকৈ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *