ৰঙিয়া মহকুমাৰ সমীপৱৰ্তী তামুলপুৰ জিলাৰ অন্তৰ্গত ধেপাৰ গাঁওৰ অত্যন্ত গৰীব ৰাজমিস্ত্ৰী পিতৃ ফিৰোজ আলী  আৰু গৃহিনী মাতৃ ৰুমী বেগমৰ কন্যা উম্মে ইয়াচমিনে  সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৯ % শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হৈছে।

ৰঙিয়াৰ ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে  নিকটাত্মীয়ৰ অৰ্থ সাহায্যৰে অধ্যয়ন কৰা উম্মে ইয়াচমিনে ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ ইংৰাজীত ৮৪ , অসমীয়াত ৯১, ৰসায়ন বিজ্ঞানত ৯৪, পদাৰ্থ বিজ্ঞানত ৯২, উদ্ভিদ-জীৱ বিজ্ঞানত ৮৪ নম্বৰ সহ  মুঠ ৪৪৫ নম্বৰ লাভ কৰে।

উল্লেখ্য অসম উচ্চ মাধ্যমিক বিদ্যালয় শেক্ষান্ত পৰীক্ষা ২০২২ বৰ্ষৰ ফলাফলতো উম্মে ইয়াচমিনে ৯১ শতাংশ নম্বৰ লৈ পাচটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লৈ উত্তীৰ্ণ হৈছিল।ভৱিষ্যতে এগৰাকী ডক্টৰ হোৱাৰ সপোন দেখা ইয়াচমিনে সদ্যহতে  কোনো এটা কোচিং চেন্টাৰত নামভৰ্তি কৰাৰ আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *