জে.এন.ইউ.ৰ ২৯ বছৰীয়া গৱেষক ছাত্ৰী তথা অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন (AISA) ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বৰাই দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু পৰীক্ষাৰ স্বচ্ছতাৰ বাবে এক নতুন জোৱাৰ আনিছে। শেহতীয়াকৈ জুলাই ২০২৬ ত শিক্ষা সংস্কাৰক সোণম ৱাংচুকৰ সৈতে দিল্লীৰ যন্তৰ মন্তৰত পৰীক্ষাৰ খেলিমেলিৰ বিৰুদ্ধে ২৩ দিনীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰি নেহা বৰাই সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

উত্তৰাখণ্ডৰ পৰা অহা নেহাই ইয়াৰ পূৰ্বে দিল্লী বিশ্ববিদ্যালয় আৰু আম্বেদকাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।ৰাঁচীত চলি থকা ছাত্ৰ আন্দোলনৰ সময়ত তেওঁৰ ওপৰত চিয়াহীৰে আক্ৰমণ চলোৱা হয়। কিন্তু এনে আক্ৰমণতো অলপো পিছহুঁহি নোযোৱাকৈ নেহাই মন্তব্য কৰে এই চিয়াহীক লৈ মই গৰ্বিত, এই চিয়াহীৰেই আমি ভৱিষ্যত লিখিম।

অন্যায় আৰু পুলিচৰ অত্যাচাৰৰ বিৰুদ্ধে নেহা বৰাৰ সাহসী ভাষণে সমগ্ৰ দেশৰে ছাত্ৰ সমাজক উৎসাহিত কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *