চিকিৎসা প্ৰৱেশিকা পৰীক্ষা NEET (UG) 2026-ত এলেন গুয়াহাটি-এ পুনৰবাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে। এইবাৰৰ ফলাফলত এলেন গুয়াহাটি-ৰ শিক্ষাৰ্থী শুভ প্ৰসাদে 720-ৰ ভিতৰত 690 নম্বৰ লাভ কৰি সৰ্বভাৰতীয় স্থান (AIR) 133 দখল কৰাৰ লগতে অসমৰ শীৰ্ষস্থানীয় (Assam Topper) হিচাপে উজলি উঠিছে। ইয়াৰ উপৰিও প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী লীয়ন তালুকদাৰ (AIR 243), বৰ্ণীল বি. বৰা (AIR 554), সুভাঙ্গা বৰুৱা (AIR 708), অনুভৱ পেগু (AIR 1077) আৰু কৌস্তভ মেধি (AIR 1357)-কে ধৰি বহু শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত উৎকৃষ্ট স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰৰ ফলাফলত এলেন গুয়াহাটি-ৰ ৪ জন শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় শীৰ্ষ ১০০০-ৰ ভিতৰত, ১৮ জনে শীৰ্ষ ১০,০০০-ৰ ভিতৰত আৰু ২৫ জনে শীৰ্ষ ২৫,০০০-ৰ ভিতৰত স্থান লাভ কৰিছে। এই সফলতাই শিক্ষাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰম, অভিভাৱকসকলৰ অটল সহযোগিতাএলেন গুয়াহাটি ৰ উন্নত শিক্ষাদান পদ্ধতি, নিয়মিত মূল্যায়ন, ব্যক্তিগত পৰামৰ্শ আৰু অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ একনিষ্ঠ প্ৰচেষ্টাৰ প্ৰতিফলন বহন কৰে। এই উপলক্ষে নিজৰ আনন্দ প্ৰকাশ কৰিএলেন গুয়াহাটি-ৰ জ’নেল হেড শ্ৰী ব্ৰজেশ কুমাৰ যাদৱে কয়, “মা কামাখ্যাৰ আশীৰ্বাদত এলেন গুয়াহাটি এ প্ৰতিষ্ঠালগ্নৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষস্থানীয় ফলাফল আগবঢ়াই আহিছে। NEET (UG) 2026-ৰ এই অসাধাৰণ সফলতা আমাৰ শিক্ষাৰ্থীসকলৰ অধ্যৱসায়, শিক্ষকসকলৰ একাগ্ৰতা আৰু অভিভাৱকসকলৰ অটুট বিশ্বাসৰ ফল। এলেনত আমি কেৱল পৰীক্ষাৰ বাবে প্ৰস্তুতি নিদিওঁ, বৰঞ্চ প্ৰতিজন শিক্ষাৰ্থীক সুসংগঠিত শিক্ষণ পদ্ধতি, নিয়মিত পৰীক্ষা, সন্দেহ নিৰসন শ্ৰেণী আৰু ব্যক্তিগত দিশ-নিৰ্দেশনাৰ জৰিয়তে সৰ্বাংগীনভাৱে গঢ়ি তোলাৰ চেষ্টা কৰোঁ। সফল হোৱা সকলো শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল চিকিৎসক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।” Guwahati-ৰ পৰিচালনাই NEET2026-ত সফলতা অৰ্জন কৰা সকলো শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যততো অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট সফলতা অৰ্জনত দিশ-নিৰ্দেশনা আৰু মানসম্পন্ন শিক্ষাৰ জৰিয়তে সহায় আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। Share this:FacebookX Related Post navigation চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী হ্ৰাসৰ দাবী নাকচ: শিক্ষামন্ত্ৰীৰ মতে ডাটা সংশোধনৰ বাবেই হ্ৰাস