ভাৰতীয় নৌসেনাই টিভিএছ মটৰ কোম্পানীৰ সহযোগত মুম্বাইৰ নেভীনগৰৰ কোহলি ষ্টেডিয়ামৰ পৰা ১৪ দিনীয়া ফ্লিট টু ফ’ৰ্টছ মটৰচাইকেল অভিযানৰ শুভাৰম্ভণি ঘটিছে। এই অভিযানত ২৫ জনীয়া এটা দলে টিভিএছ ৰনিন মটৰচাইকেলত উঠি মহাৰাষ্ট্ৰৰ ১,৬০০ কিলোমিটাৰতকৈও অধিক পথ অতিক্ৰম কৰিব।

কেপ্টেইন শেখৰ দেশপাণ্ডেৰ নেতৃত্বত ৰাওনা হোৱা এই দলটোত নৌসেনাৰ বিষয়া, নৌসেনাৰ জোৱান আৰু অগ্নিবীৰসকলো আছে, যাৰ ভিতৰত মহিলা বিষয়া আৰু মহিলা অগ্নিবীৰৰ লগতে নৌসেনা সমাজৰ মহিলা প্ৰতিনিধিও আছে। এই অন্তৰ্ভুক্তিয়ে নৌসেনাৰ নাৰী শক্তিৰ ওপৰত থকা গুৰুত্বক প্ৰতিফলিত কৰে। এই অভিযানে ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে জড়িত ১০টা ঐতিহাসিক দূৰ্গ পৰিদৰ্শন কৰিব, যিবোৰৰ ভিতৰত শেহতীয়াকৈ মাৰাঠা মিলিটেৰী লেণ্ডস্কেপছ অৱ ইণ্ডিয়াৰ অধীনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱা স্থানসমূহো অন্যতম।

এই অভিযানৰ আন এক উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক আকৰ্ষিত কৰা আৰু ভাৰতীয় নৌসেনাত কেৰিয়াৰৰ সুযোগ, বিশেষকৈ সশস্ত্ৰ বাহিনীত বিষয়া পৰ্যায়ৰ তলৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰৰ হ্ৰস্বম্যাদী নিযুক্তি কাৰ্যসূচী অগ্নিপথ আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰা।

ৱেষ্টাৰ্ন নেভেল কমাণ্ডৰ চীফ অৱ ষ্টাফ ভাইচ এডমিৰেল ৰাহুল বিলাস গোখলেই এই বিষয়ে কয় যে, এই অভিযানে নৌসেনাৰ দুঃসাহসিক অভিযান, অন্বেষণ আৰু জনসংযোগৰ মনোভাৱক প্ৰতিফলিত কৰে, আনহাতে এই দূৰ্গসমূহে দূৰদৰ্শিতা, সাহস, সংগঠন আৰু সহনশীলতাৰ সোঁৱৰণ হিচাপে কাম কৰে।

গুৱাহাটী মহানগৰীত এই অভিযানে প্ৰিমিয়াম মটৰচাইকেল খণ্ডত, বিশেষকৈ লাইফষ্টাইল-অৰিয়েণ্টেড মটৰচাইকেল আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ অভিজ্ঞতা বিচৰা যুৱ গ্ৰাহকসকলৰ মাজত টিভিএছ ৰনিনৰ স্থিতি অধিক দৃশ্যমান কৰি তুলিব পাৰে। টিভিএছ মটৰে কয় যে, এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে অন্বেষণ আৰু ঐতিহ্যৰ কাহিনীসমূহ ভাৰতীয় যুৱ প্ৰজন্মৰ ওচৰলৈ লৈ যোৱা।

টিভিএছ মটৰ কোম্পানীৰ প্ৰিমিয়াম ব্যৱসায়ৰ মুৰব্বী বিমল চুম্বলিয়ে এই বিষয়ে কয় যে, এই অভিযানৰ জৰিয়তে ভাৰতীয় নৌসেনাৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিবলৈ পাই প্ৰতিষ্ঠানটো অতিশয় আনন্দিত। তেওঁ এই যাত্ৰাক বীৰত্ব, সহনশীলতা আৰু অন্বেষণৰ এক উদযাপন বুলি অভিহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *