মহানগৰীৰ মালিগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত আদিংগিৰি পাহাৰৰ মিঠা আমতলত শুকুৰবাৰে দুপৰীয়া এঘৰ লোকৰ ঘৰৰ ভিতৰত এটা নাহৰফুটকী বাঘৰ পোৱালি উদ্ধাৰ কৰা ঘটনাই স্বাভাৱিকতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে বিগত কিছুদিন ধৰি অঞ্চলটোত মাজে সময়ে চুচুক চামাক কৈ দেখা পোৱা গৈছিল নাহৰফুটুকী বাঘৰ পোৱালি। তাৰ মাজতে আজি দুপৰীয়া অঞ্চলটোৰ এজন লোকৰ বাসগৃহৰ ভিতৰত এটা চুকত লুকাই থকা অৱস্থাত নাহৰফুটুকীৰ পোৱালি এটা দেখা পোৱাৰ পাছত স্থানীয় লোকে বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে। তাৰ পাছত বন বিভাগৰ লগতে অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা বনকৰ্মীৰ দল মিঠা আমতলত উপস্থিত হৈ অক্ষত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাহৰফুটুকীৰ পোৱালিটো । তাৰ পাছত নাহৰফুটুকীৰ পোৱালিটো অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়। সম্প্ৰতি তাত নাহৰফুটুকী বাঘৰ পোৱালিটোৰ স্বাস্থ্য পৰীক্ষা কৰি পৰ্যবেক্ষণত ৰখা হৈছে। ইফালে অঞ্চলটোৰ ৰাইজে তাত আৰু নাহৰফুটুকী বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে নাহৰফুটুকী বাঘৰ বিচৰণথলী হিচাপে পৰিচিত মিঠা আমতলকে ধৰি দাঁতি কাষৰীয়া আদিংগিৰি, মাধৱদেৱ নগৰ, ফটাশিল পাহাৰ আদি অঞ্চলত একাংশ লোকে পাহাৰৰ মাটি, গছ গছনি কাটি খাস্তাং কৰি অবাধ বেদখল কৰাৰ ফলত নাহৰফুটুকী বাঘৰ আশ্ৰয়স্থল নোহোৱা হৈ পৰিছে। আনকি বহু সন্দেহজনক লোকেও অঞ্চলটোত বসতি স্থাপন কৰাত বন্য জীৱ জন্তুৰ প্ৰতি চৰম ভাবুকি অহা পৰিলক্ষিত হৈছে। Share this:FacebookX Related Post navigation আৰ্য নগৰ উৰণ সেতুত সুৰাসক্ত চালকৰ তাণ্ডৱ, নিহত তপন কলিতা, GMCHত গুৰুতৰভাৱে আহত মহিলা যাত্রী অমিত শ্বাহে অৰুণাচল প্ৰদেশ আৰক্ষীক ৰাষ্ট্ৰপতিৰ আৰক্ষী নিশান প্ৰদান কৰিলে