কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বান্দৰদেৱাৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অৰুণাচল প্ৰদেশ আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ আৰক্ষী নিশান (President’s Police Colour) প্ৰদান কৰে। এই সন্মানে ৰাইজ আৰু দেশৰ প্ৰতি বাহিনীটোৰ নিষ্ঠাৱান সেৱাক স্বীকৃতি দিয়ে।

এই উপলক্ষে ভাষণ দি শ্বাহে মাদক দ্ৰব্যৰ সৰবৰাহ ৰোধ কৰাত অৰুণাচল প্ৰদেশৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

“এক প্ৰকাৰে ক’বলৈ গ’লে, অৰুণাচল প্ৰদেশ মৃত্যুৰ ত্ৰিভুজ (Death Triangle) ৰ প্ৰৱেশদ্বাৰত অৱস্থিত, য’ৰ পৰা মাদক দ্ৰব্য আৰু অন্যান্য নিচাযুক্ত সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হয়। সেয়েহে মাদক দ্ৰব্যৰ বেহা ৰোধ কৰাৰ ক্ষেত্ৰতো অৰুণাচল প্ৰদেশ এখন কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰাজ্য,” গৃহমন্ত্ৰীগৰাকীয়ে কয়।

“আমাৰ অৰুণাচল প্ৰদেশ আৰক্ষীয়ে আভ্যন্তৰীণ নিৰাপত্তা সুৰক্ষিত কৰা, বিদ্ৰোহ, সংগঠিত অপৰাধ, মাদক দ্ৰব্যৰ সৰবৰাহ আৰু চাইবাৰ অপৰাধৰ ক্ৰমবৰ্ধমান ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াত প্ৰশংসনীয় কাম কৰি আছে,” তেওঁ কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰুণাচল প্ৰদেশত উন্নয়নৰ এক নতুন যুগৰ সূচনা হৈছে বুলি শ্বাহে কয়।

“কংগ্ৰেছৰ নেতাসকলে সংসদৰ ভিতৰত মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কি কৰিছে বুলি সোধাত মোৰ হাঁহি উঠে। ২০১৪ চনৰ পৰা ২০২৬ চনলৈ ভাৰতৰ উন্নয়নৰ ইতিহাস যেতিয়া লিখা হ’ব, এই সময়ছোৱা নিঃসন্দেহে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সোণালী যুগ হিচাপে সোণালী আখৰেৰে লিপিবদ্ধ হ’ব,” তেওঁ কয়।

“মোদীজী আৰু বিজেপিয়ে কেৱল অঞ্চলটোৰ প্ৰতিটো কোণলৈ বিমানবন্দৰ আৰু ৰে’ল সংযোগ সম্প্ৰসাৰণ কৰি দিল্লী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ ভৌগোলিক দূৰত্বই দূৰ কৰা নাই, দিল্লী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ হৃদয়ৰ মাজৰ আৱেগিক দূৰত্ব দূৰ কৰাৰ বাবেও দৃঢ় প্ৰচেষ্টা চলাইছে,” তেওঁ লগতে কয়।

ৰাজ্যখনত ছিয়াং উচ্চ বহুমুখী প্ৰকল্প (SUMP)ৰ বিৰুদ্ধে চলি থকা আন্দোলন সন্দৰ্ভত শ্বাহে আশ্বাস দিয়ে যে ৰাইজক আস্থাত নোলোৱাকৈ চৰকাৰে এই প্ৰকল্পৰ কাম আগবঢ়াই নিনিয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যোৱা নিশা তিনি দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশত উপস্থিত হয়।

কাইলৈ শ্বাহে অৰুণাচল প্ৰদেশ সহযোগিতা দৃষ্টি দস্তাবেজ ২০৪৭ উন্মোচন কৰিব, সহযোগিতা বঁটা প্ৰদান কৰিব আৰু সৰস মেলা উদ্বোধন কৰিব। তেওঁ লগতে হলঙীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১২ নং বেটেলিয়নৰ চৌহদো উদ্বোধন কৰিব।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *