শিশুৰ সুস্বাস্থ্য সুৰক্ষিত কৰা আৰু নৱজাতকৰ উপযুক্ত যত্নৰ বিষয়ে জনসাধাৰণক সজাগ কৰা আৰু নিউম’নিয়া প্ৰতিৰোধৰ লক্ষ্যৰে আজি কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত ‘ৰাষ্ট্ৰীয় নৱজাতক সপ্তাহ’ আৰু নিউম’নিয়া প্ৰতিৰোধী ‘চাঁচ’ (SAANS – Social Awareness and Actions to Neutralise Pneumonia Successfully) অভিযানৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।

পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈছে নিউম’নিয়া। বিশেষকৈ নৱজাতক আৰু কমবয়সীয়া শিশুৰ ক্ষেত্ৰত নিউম’নিয়াৰ লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰা আৰু তাৎক্ষণিকভাৱে স্বাস্থ্যসেৱা গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

এই ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি, সময়মতে ৰোগ চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা সেৱা গ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে ‘চাঁচ’ অভিযান ৰূপায়ণ কৰা হৈছে। অভিযানৰ অংশ হিচাপে আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ অভিভাৱকসকলক নিউম’নিয়াৰ সাধাৰণ লক্ষণ আৰু বিপদসংকেতৰ বিষয়ে অৱগত কৰিব।

আনহাতে, ৰাষ্ট্ৰীয় নৱজাতক সপ্তাহৰ মূল উদ্দেশ্য হৈছে জন্মৰ পিছত নৱজাতকৰ উপযুক্ত যত্ন আৰু সময়মতে স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। এই উপলক্ষে অনুষ্ঠিত আজিৰ কাৰ্যসূচীত ০-১ বছৰ বয়সৰ শিশুসকলৰ মাজত ‘সুস্থ শিশু’ (Healthy Baby) প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত নিৰ্বাচিত তিনিগৰাকী শিশুক পুৰস্কৃত কৰা হয়। শিশুৰ সুস্বাস্থ্য, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ প্ৰতি অভিভাৱকসকলক উৎসাহিত কৰাৰ উদ্দ‍েশ‍্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

আজিৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞা, জিলা টিকাকৰণ বিষয়া ডাঃ ভৱেন্দ্ৰ কুমাৰ দাস, ৰাজধানী মণ্ডল আৰু সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ খণ্ড চিকিৎসা ও স্বাস্থ্য বিষয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আৰু মণ্ডলভিত্তিক বিষয়বৱীয়া, চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ আৰু আশা কৰ্মীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *