আন্তঃৰাষ্ট্ৰীয় অপৰাধ চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি দুৰ্ধৰ্ষ পলাতক গেংষ্টাৰ সতিন্দৰজিৎ সিং ওৰফে গোল্ডী ব্ৰাৰক গ্ৰেপ্তাৰৰ বাবে তথ্য দিওঁতালৈ ১০ লাখ মাৰ্কিন ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰিছে আমেৰিকাৰ ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেশ্যনে (এফবিআই)। আমেৰিকা আৰু কানাডাত হিংসাত্মক অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰা এটা আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ চক্ৰক নেতৃত্ব দিয়াৰ অভিযোগত এফ বি আয়ে তেওঁক নিজৰ ‘টেন ম’ষ্ট ৱাণ্টেড ফিউজিটিভছ’ তালিকাত অন্তৰ্ভুক্ত কৰিছে।

এফ বি আইৰ জাননী অনুসৰি, গোল্ডী ব্ৰাৰে কুখ্যাত লৰেন্স বিষ্ণই সংগঠিত অপৰাধ গোটৰ উত্তৰ আমেৰিকাৰ কাম-কাজ পৰিচালনা কৰি আহিছে। ৰাজনৈতিক আৰু ধৰ্মীয় ব্যক্তিৰ হত্যা, গুলীচালনা, অপহৰণ, ধন দাবী, আক্ৰমণ, মানৱ সৰবৰাহ তথা নিচাজাতীয় সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰৰ চোৰাং সৰবৰাহত এই গোটটো জড়িত থকাৰ অভিযোগ আছে। এফ বি আই লছ এঞ্জেলছৰ সহকাৰী সঞ্চালক পেট্ৰিক গ্ৰেণ্ডীয়ে কয় যে হিংসাত্মক অপৰাধৰ প্ৰৱণতা আৰু ৰাজহুৱা নিৰাপত্তাৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ বাবেই সতিন্দৰজিৎ সিঙক এই কুখ্যাত তালিকাত স্থান দিয়া হৈছে।

তথ্য অনুসৰি, যোৱা ১ জুলাইত লছ এঞ্জেলছৰ আমেৰিকান জিলা আদালতে সিঙৰ বিৰুদ্ধে এখন ফেডাৰেল গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। তেওঁৰ বিৰুদ্ধে সংগঠিত অপৰাধৰ ষড়যন্ত্ৰ, ধন দাবীৰ জৰিয়তে ব্যৱসায়-বাণিজ্যত হস্তক্ষেপ কৰাৰ চেষ্টা আৰু নিচাজাতীয় সামগ্ৰী বিতৰণৰ ষড়যন্ত্ৰকে ধৰি কেইবাটাও গুৰুতৰ গোচৰ ৰুজু হৈ আছে।

এফ বি আয়ে অভিযোগ কৰা মতে, লৰেন্স বিষ্ণইৰ শৈশৱৰ সহযোগী গোল্ডী ব্ৰাৰে আমেৰিকা আৰু কানাডাত গোটটোৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰি পৰিকল্পিত হত্যা, অপহৰণ আৰু ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধৰ নিৰ্দেশ দি আহিছে। ভাৰতত মুখ্য কাৰ্যালয় থকা এই বিষ্ণই অপৰাধ গোটটোৰ আমেৰিকা, কানাডা, ব্ৰিটেইন, ইউৰোপ আৰু অষ্ট্ৰেলিয়াত হাজাৰ হাজাৰ সদস্য আৰু সহযোগী থকা বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইতিপূৰ্বে ‘অপাৰেশ্যন হাৰ্ড বল’ নামৰ এক দীৰ্ঘদিনীয়া ফেডাৰেল তদন্তৰ সময়ত সিঙৰ কেইবাজনো সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান গোল্ডী ব্ৰাৰক সশস্ত্ৰ আৰু বিপজ্জনক বুলি অভিহিত কৰি এফ বি আয়ে সাধাৰণ জনতাক তেওঁৰ ওচৰ নাচাপিবলৈ সতৰ্ক কৰি দিয়াৰ লগতে কোনো তথ্য পালে গোপনীয়ভাৱে এফ বি আইৰ কাৰ্যালয় বা আমেৰিকান দূতাবাসত জনাবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *