মণিপুৰৰ চান্দেল জিলাৰ চাকপি কাৰোঙত স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা পান কৰাৰ ফলত ১৫ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ বিষাক্ত সুৰা সেৱনৰ ফলতে ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৫০ জন লোকক ইম্ফলৰ শ্বিজা হাস্পতাল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱৈ হৈছে বুলি জানিব পৰা গৈছে ৷তথ্য অনুসৰি, আক্ৰান্ত লোকসকল মূলত চান্দেল জিলাৰ চাকপি কাৰোং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ স্থানীয় বাসিন্দা ৷ যাৰ ভিতৰত প্ৰাপ্তবয়স্কৰ পৰা আৰম্ভ কৰি মধ্যবয়সীয়া লোকো আছে বুলি জানিব পৰা গৈছে । বিষাক্ত পদাৰ্থ মিহলি হৈ থকা স্থানীয় সুৰা পান কৰাৰ বাবেই এই বিষক্ৰিয়া হোৱা বুলি সন্দেহ কৰা হৈছে ।জানিব পৰা মতে, আক্ৰান্ত লোকক কঢ়িয়াই অনা আন এখন বাছ হাস্পতাল অভিমুখে ৰাওনা হৈছে, যাৰ ফলত মৃতকৰ সংখ্যা আৰু হাস্পতালত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । Share this:FacebookX Related Post navigation ৰাছিয়াৰ হৈ যুদ্ধক্ষেত্ৰত অসমৰ এগৰাকী যুৱক