টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া চমুকৈ ট্ৰাই-এ অসম লাইচেন্সড চাৰ্ভিচ এৰিয়া(এলএছএ)ৰ অধীনত শোণিতপুৰ জিলাৰ একাংশ অঞ্চলত ম’বাইল নেটৱৰ্কৰ গুণগত মান মূল্যায়ন কৰিছে, য’ত বিভিন্ন টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ কভাৰেজ, কল প্ৰদৰ্শন আৰু ডেটা স্পীডৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তাৰতম্য পৰিলক্ষিত হৈছে। ২০২৬ চনৰ ১০ ৰ পৰা ১৩ আগষ্টলৈ চলোৱা এই আইডিটি(ইণ্ডিপেণ্ডেণ্ট ড্ৰাইভ টেষ্ট)-এ ৩০৮ কিলোমিটাৰ চহৰৰ পথ, ১০টা হটস্পট আৰু ১.৬ কিলোমিটাৰ ৱাক টেষ্ট সামৰি লৈছিল। ট্ৰাইৰ কলকাতাৰ আঞ্চলিক কাৰ্যালয়ৰ তত্বাৱধানত চলোৱা এই কাৰ্যসূচীত ২জি, ৩জি, ৪জি আৰু ৫জি নেটৱৰ্কৰ ভইচ আৰু ডেটা সেৱাৰ মূল্যায়ন কৰা হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, ৰিলায়েন্স জিঅ’ ইনফ’কম(আৰজেআইএল)-এ সৰ্বাধিক ২২১.১৮ এমবিপিএছ গড় ডাউনল’ড স্পীড প্ৰদান কৰিবলৈ সক্ষম হৈছে, ইয়াৰ পিছতে এয়াৰটেলে ১১৬.১১ এমবিপিএছ, ভোডাফোন আইডিয়াই ২০.০৪ এমবিপিএছ আৰু বিএছএনএলে ১১.৭২ এমবিপিএছ প্ৰদান কৰিছে। আনহাতে, এয়াৰটেলে ২১.০৯ এমবিপিএছৰ গড় আপল’ড স্পীড প্ৰদান কৰিবলৈ সক্ষম হৈছে, ইয়াৰ পিছতে জিঅ’ই ১৫.৯৮ এমবিপিএছ, ভোডাফোন আইডিয়াই ৬.৬৯ এমবিপিএছ আৰু বিএছএনএলে ৪.৩২ এমবিপিএছ প্ৰদান কৰিছে। এই পৰীক্ষাত এয়াৰটেল আৰু জিঅ’ৰ কোনো কল ড্ৰপ (কথা পাতি থকা অৱস্থাত ফোন কটা যোৱা)ৰ তথ্য লিপিবদ্ধ হোৱা নাই। বিপৰীতে বিএছএনএলৰ সফলভাৱে সংযোগ হোৱা ৪৭৬টা কলৰ ভিতৰত ৩০১টা কল ড্ৰপ হৈছে আৰু ভোডাফোন আইডিয়াই ৩১২টাৰ ভিতৰত ৮টা কল ড্ৰপৰ কথা সদৰি কৰিছে। এই মূল্যায়নে তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, ৰঙাপাৰা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, তেজপুৰ বিশ্ববিদ্যালয় আৰু এএছটিচি বাছ আস্থানৰ দৰে প্ৰধান কেন্দ্ৰসমূহ সামৰি লৈছিল। ট্ৰাই-এ জনোৱা অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে এই তথ্যসমূহ সংশ্লিষ্ট টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীসমূহক প্ৰদান কৰা হৈছে। বিতং আইডিটি প্ৰতিবেদন ট্ৰাইৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে। Share this:FacebookX Related Post navigation মহাৰাষ্ট্ৰ ৰাজ্যজুৰি ১৬০০ কিলোমিটাৰজোৰা ফ্লিট টু ফ’ৰ্টছ অভিযানৰ শুভাৰম্ভণি টিভিএছ মটৰ, ভাৰতীয় নৌসেনাৰ পূজাৰ প্ৰাকক্ষণত কে১৪ প্লাছ মোবাইল মুকলি অ’প’ৰ, প্ৰিমিয়াম মিড-ৰেঞ্জ গ্ৰহকক লক্ষ্য কৰি মুকলি কৰা হৈছে ফোনটো