অসম ক্ৰিকেট সন্থাই (ACA) অসম প্ৰিমিয়াৰ লীগ (APL) ২০২৬-ৰ বাবে অনলাইন খেলুৱৈ পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি কৰাৰ কথা এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে।
টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক যোগ্য ক্ৰিকেটাৰসকলক এ চি এ (ACA)-ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে।
এ চি এ-ৰ মতে, পঞ্জীয়ন প্ৰক্ৰিয়া ২৬ মে’ৰ মাজনিশা ১২ বজাত আৰম্ভ হ’ব আৰু ৩০ মে’ৰ বিয়লি ৫ বজালৈকে খোলা থাকিব।
খেলুৱৈসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *