নলবাৰী জিলাৰ জাজিয়াবাৰীস্থিত ‘অল ৰাউণ্ডাৰ ক্লাৱ’ৰ উদ্যোগত আয়োজিত সমগ্ৰ অসম অৰ্ধ মাৰাথান প্ৰতিযোগিতা যোৱা ২৪ মে’ত সফলভাৱে সামৰণি পৰে। এই প্ৰতিযোগিতাত বৰপেটাৰ ৰফিক আলীয়ে প্ৰথম স্থান দখল কৰি চেম্পিয়নৰ সন্মান লাভ কৰে। বিজয়ী হিচাপে ৰফিকে ১০,০০০ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে।দ্বিতীয় স্থান অধিকাৰ কৰে হাজোৰ মাতিবৰ আলীয়ে আৰু তৃতীয় স্থান লাভ কৰে হাউলীৰ চাইফুল ইছলামে। তেওঁলোকে ক্ৰমে ৭,০০০ টকা আৰু ৫,০০০ টকাৰ পুৰস্কাৰ লাভ কৰে।‘অল ৰাউণ্ডাৰ ক্লাৱ’ই জনোৱা মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে এই অৰ্ধ মাৰাথানত অংশ লয়। ক্ৰীড়াৰ বিকাশ আৰু যুৱ প্ৰজন্মক সুস্থ জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। Share this:FacebookX Related Post navigation অসম ৰাইফেলছৰ উদ্যোগত লোক্ৰাত ‘দেওবাৰে চাইকেল যাত্ৰা’ৰ ৭৫ সংখ্যক সংস্কৰণ সম্পন্ন অসম প্ৰিমিয়াৰ লীগ ২০২৬: খেলুৱৈ পঞ্জীয়ন আৰম্ভ, ৩০ মে’লৈকে অনলাইন আবেদন