আধুনিক চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব কৃতিত্বই অৱশেষত প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল এটি ৯ মহীয়া দেৱশিশুৰ। ঘৰৰ ভিতৰত খেলি থকাৰ সময়তে পৰিয়ালৰ অলক্ষিতে এটি অতি সৰু এল ই ডি বাল্ব মুখত ভৰাই দিছিল শিশুটিৱে। ইয়াৰ পাছতে উশাহ-নিশাহ বন্ধ হৈ পৰা শিশুটিৰ জৰুৰী চিকিৎসা আৰম্ভ কৰি বিশেষ কেমেৰা আৰু আধুনিক নলীযুক্ত যন্ত্ৰৰ (ব্ৰংক’স্কোপি) সহায়ত জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় বিশেষজ্ঞ চিকিৎসকৰ দলে। মহাৰাষ্ট্ৰৰ পুনে চহৰত থকা সেনা বাহিনীৰ বিশেষ চিকিৎসালয়ত সংঘটিত হৈছে এই অভূতপূৰ্ব ঘটনা। উল্লেখ্য যে, খেলনাৰ পৰা এৰাই যোৱা জোঙা তাৰ থকা এই বাল্বটো শিশুটিৰ খাদ্য খোৱা নলীৰ সলনি উশাহ লোৱা নলীৰে গৈ বাওঁফালৰ হাওঁফাওঁৰ একেবাৰে গভীৰ অংশত লাগি ধৰিছিল। ইয়াৰ ফলত হাওঁফাওঁ সম্পূৰ্ণ বিকল হৈ এক ভয়াৱহ বিপদৰ সৃষ্টি হৈছিল। প্ৰথম অৱস্থাত এই জটিল সমস্যাৰ বাবে কেঁচুৱাটিৰ বুকু কাটি এক ডাঙৰ আৰু বিপদসংকুল অপাৰেচন কৰাৰ প্ৰয়োজন আছিল। ৯ মহীয়া শিশু এটিৰ বাবে বুকু কটা কাৰ্য অত্যন্ত প্ৰাণঘাতী হোৱাৰ সম্ভাৱনা থকা বাবে সামৰিক চিকিৎসালয়খনৰ অভিজ্ঞ ডাক্তৰৰ দলটোৱে কোনো ধৰণৰ কটা-ছিঙা নকৰাকৈ কেৱল আধুনিক পদ্ধতিৰে কামটো কৰাৰ সিদ্ধান্ত লয়। অত্যন্ত সাৱধানে আৰু ধৈৰ্য্যৰে চিকিৎসকৰ দলটোৱে সেই ক্ষতিকাৰক তাঁৰ থকা বাল্বটো হাওঁফাওঁৰ ভিতৰৰ পৰা সুকলমে উলিয়াই আনিবলৈ সক্ষম হয়। কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া বা জটিলতা নোহোৱাকৈ সম্পন্ন হোৱা এই সফল চিকিৎসাৰ পিছত শিশুটিয়ে বৰ্তমান স্বাভাৱিকভাৱে উশাহ ল’ব পাৰিছে আৰু সম্পূৰ্ণ সুস্থ হৈ উঠিছে। Share this:FacebookX Related Post navigation অসম প্ৰিমিয়াৰ লীগ ২০২৬: খেলুৱৈ পঞ্জীয়ন আৰম্ভ, ৩০ মে’লৈকে অনলাইন আবেদন