নেইমাৰে ব্ৰাজিলৰ বিশ্বকাপ দলত স্থান লাভ কৰিছে; যিটো বাছনিক স্থানীয় বিশ্লেষক আৰু প্ৰাক্তন ফুটবলাৰসকলে অলপ দিন পূৰ্বলৈকে অসম্ভৱ বুলি ভাবিছিল। ৩৪ বছৰীয়া এই আক্ৰমণকাৰী খেলুৱৈগৰাকীয়ে এতিয়া চতুৰ্থবাৰৰ বাবে বিশ্বকাপত অবতীৰ্ণ হ’ব। ৭৯ টা গলেৰে ব্ৰাজিলৰ সৰ্বকালৰ সৰ্বাধিক গলদাতা নেইমাৰে ২০২৩ চনৰ অক্টোবৰত তেওঁৰ বাওঁ আঁঠুৰ এচিএল (ACL) আঘাতপ্ৰাপ্ত হোৱাৰ পাছৰে পৰা পূৰ্বৰ দৰে সম্পূৰ্ণ সুস্থতা ঘূৰাই পাবলৈ সংগ্ৰহ কৰি আহিছে। তেওঁ এই বছৰ ছান্তোছ (Santos)ৰ হৈ আঠখন মেচ খেলি ৪ টা গল কৰাৰ লগতে দুটা গল কৰাত সহায় কৰিছে।
সোমবাৰে ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত এখন সংবাদ মেলত ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো এঞ্চেলট্টিয়ে কয়, “তেওঁ নিজৰ শাৰীৰিক সুস্থতাৰ বহুখিনি উন্নতি সাধন কৰিছে। এই বিশ্বকাপত তেওঁ আমাৰ বাবে এজন অতি গুৰুত্বপূৰ্ণ খেলুৱৈ হ’ব।”
প্ৰশিক্ষকগৰাকীয়ে লগতে কয় যে তেওঁ নিজৰ দলটোত নেইমাৰকে ধৰি কিছুসংখ্যক অভিজ্ঞ খেলুৱেক অগ্ৰাধিকাৰ দিছে।
“বিশ্বকাপৰ প্ৰথমখন খেলৰ আগলৈকে তেওঁ নিজৰ ফিটনেছ আৰু উন্নত কৰিব পাৰিব,” এঞ্চেলট্টিয়ে কয়। “তেওঁৰ এই ধৰণৰ প্ৰতিযোগিতাৰ অভিজ্ঞতা আছে, খেলৰ প্ৰতি থকা তেওঁৰ ভালপোৱাই আমাৰ গ্ৰুপত এক উন্নত পৰিৱেশ সৃষ্টি কৰিব পাৰিব।”
এঞ্চেলট্টিৰ দল ঘোষণাৰ ঠিক কিছু সময় পূৰ্বে, নেইমাৰে এক চৰ্চিত ধৰণে তেওঁৰ ইনষ্টাগ্ৰাম বায়’ (bio) সলনি কৰিছিল; য’ত তেওঁ বৰ্তমান খেলি থকা স্থান হিচাপে কেৱল ছান্তোছৰ নাম উল্লেখ কৰিছিল আৰু তাৰ লগত ব্ৰাজিল বুলি যোগ দিছিল।
ব্ৰাজিলৰ ২৬ জনীয়া দলটোত শেহতীয়া বছৰকেইটাৰ প্ৰধান খেলুৱৈসকল যেনে—ভিনিচিয়াছ জুনিয়ৰ আৰু ৰাফিনহা আদিও অন্তৰ্ভুক্ত হৈছে।
২০২৫ চনৰ মে’ মাহত দায়িত্ব লোৱা এঞ্চেলট্টিয়ে সোমবাৰৰ পূৰ্বলৈকে নেইমাৰক দললৈ আমন্ত্ৰণ জনোৱা নাছিল। তেওঁ যোৱা সপ্তাহত ব্ৰাজিলিয়ান ফুটবল ফেডাৰেচনৰ সৈতে ২০৩০ চনৰ বিশ্বকাপ পৰ্যন্ত নিজৰ চুক্তি বৃদ্ধি কৰিছে, কিন্তু ব্ৰাজিলত তেওঁৰ এই পৰ্যন্ত সময়ছোৱা কিছু সমস্যাবহুল হৈ পৰিছে। কিয়নো তেওঁৰ বিশ্বকাপ দলটোৰ কেইবাজনো খেলুৱৈ বৰ্তমান আঘাতপ্ৰাপ্ত। বিশেষকৈ আক্ৰমণভাগৰ ৰদৰিগো আৰু এষ্টেভাওৰ দৰে খেলুৱৈসকল আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁলোকক এই উত্তৰ আমেৰিকাৰ অভিযানত আটাইতকৈ বেছি মিছ কৰিব বুলি এঞ্চেলট্টিয়ে প্ৰকাশ কৰে।
১৩ জুনত নিউ জাৰ্চীত মৰক্কোৰ বিৰুদ্ধে খেলেৰে ব্ৰাজিলে নিজৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব, ইয়াৰ পাছত গ্ৰুপ-চি (Group C)ৰ খেলত তেওঁলোকে হাইটি আৰু স্কটলেণ্ডৰ মুখামুখি হ’ব। – এপি (AP)
ব্ৰাজিলৰ দল (BRAZIL SQUAD) গলৰক্ষক: আলিসন (লিভাৰপুল), এণ্ডাৰচন (ফেনাৰবাচ), ৱেভাৰটন (গ্ৰেমিঅ’)। ৰক্ষণভাগ (ডিফেণ্ডাৰ): আলেকচ ছেণ্ড্ৰো, ডেনিলো, লিঅ’ পেৰেইৰা (ফ্লামেংগো), ব্ৰেমাৰ (জুভেণ্টাছ), ইবানেজ (আল-আহলী), ৱেছলি (ৰোমা), মাৰ্কুইনহবছ (পেৰিছ ছেইণ্ট-জাৰ্মেইন), গেব্ৰিয়েল মাগালেছ (আৰ্চেনেল), ডগলাছ চেণ্টোছ (জেনিট চেইণ্ট পিটাৰ্চবাৰ্গ)। মধ্যভাগ (মিডফিল্ডাৰ): ব্ৰুনো গুইমাৰেছ (নিউকাচল), কেচেমীৰো (মানচেষ্টাৰ ইউনাইটেড), ডেনিলো চেণ্টোছ (বোটফোগো)। আক্ৰমণভাগ (ফৰৱাৰ্ড): লুকাস পাকেটা (ফ্লামেংগো), এণ্ড্ৰিক (লিয়ন), গেব্ৰিয়েল মাৰ্টিনেলী (আৰ্চেনেল), ইগৰ থিয়াগো (ব্ৰেণ্টফৰ্ড), মেথেউছ কুনহা (মানচেষ্টাৰ ইউনাইটেড), ৰাফিনহা (বাৰ্চিলোনা), ভিনিচিয়াছ জুনিয়ৰ (ৰিয়েল মেদ্ৰিদ), নেইমাৰ (ছান্তোছ), ৰায়ান (বৰ্ণমাউথ), লুইজ হেনৰিক (জেনিট চেইণ্ট পিটাৰ্চবাৰ্গ)।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *