আগন্তুক আফগানিস্তানৰ বিৰুদ্ধে একমাত্ৰ টেষ্ট মেচখনৰ বাবে ভাৰতীয় টেষ্ট দলৰ সহ-অধিনায়কৰ পদৰ পৰা মঙলবাৰে অপসাৰণ কৰা হয় আকৰ্ষণীয় উইকেটৰক্ষক-বেটছমেন ঋষভ পণ্টক। ইয়াৰ উপৰিও একেটা প্ৰতিপক্ষৰ বিৰুদ্ধে হ’বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ দলৰ পৰাও তেওঁক বাদ দিয়া হৈছে।শুভমন গিলে নেতৃত্ব দিয়া ভাৰতীয় টেষ্ট দলটোত পণ্টৰ স্থানত কে. এল. ৰাহুলক সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। পেচ বলাৰ জছপ্ৰীত বুমৰাহক তেওঁৰ কৰ্মভাৰ ব্যৱস্থাপনাৰ (workload management) অংশ হিচাপে টেষ্ট আৰু এদিনীয়া দুয়োটা শৃংখলাৰ পৰাই প্ৰত্যাশিতভাৱে জিৰণি দিয়া হৈছে। অৱশ্যে এই গ্ৰীষ্মকালৰ শেষৰফালে হ’বলগীয়া ইংলেণ্ড ভ্ৰমণৰ বাবে তেওঁ দললৈ প্ৰত্যাৱৰ্তন কৰিব। জ্যেষ্ঠ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাকো আগন্তুক টেষ্ট মেচখনৰ পৰা জিৰণি দিয়া হৈছে। অজিত আগৰকাৰৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাৰ অন্তৰ্গত একমাত্ৰ টেষ্ট মেচখন অহা ৬ জুনৰ পৰা মুল্লানপুৰত আৰম্ভ হ’ব। ইয়াৰ পিছত ১৪ জুনৰ পৰা ধৰ্মশালা, লক্ষ্ণৌ আৰু চেন্নাইত তিনিখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব।বাছনি বৈঠকৰ অন্তত ইয়াত সাংবাদিকৰ আগত আগৰকাৰে কয়, “আমি যেতিয়া ইংলেণ্ড ভ্ৰমণ কৰিম, তেতিয়া বুমৰাহ ঘূৰি আহিব। তেওঁ বৰ্তমান নিজৰ কৰ্মভাৰ (workload) হ্ৰাস কৰাৰ দিশত কাম কৰি আছে।”স্পিন বলাৰ মানৱ সুথাৰ আৰু পেচ বলাৰ গুৰনুৰ ব্ৰাৰে টেষ্ট দললৈ প্ৰথমবাৰৰ বাবে আহ্বান লাভ কৰিছে। দুয়োগৰাকী খেলুৱেই আই পি এল ফ্ৰেঞ্চাইজি গুজৰাট টাইটানছৰ সতীৰ্থ খেলুৱৈ। আনহাতে প্ৰিন্স যাদৱ এদিনীয়া দলৰ নতুন মুখ আৰু ইশান কিষাণ হৈছে দলৰ দ্বিতীয়জন উইকেটৰক্ষক। – পি টি আই (PTI) Share this:FacebookX Related Post navigation শাৰীৰিক সুস্থতাক লৈ সন্দেহ থকাৰ পাছতো ব্ৰাজিলৰ বিশ্বকাপ দলত স্থান পালে নেইমাৰে ৰোনাল্ডোৰ নেতৃত্বত ফিফা বিশ্বকাপৰ বাবে পৰ্তুগালৰ দল ঘোষণা