ব্ৰিটেইনৰ কেম্ব্ৰিজত অসমৰ জীয়ৰী কৃতি ধানুকাই অসাধাৰণ সাফল্য অৰ্জন কৰি ভাৰত তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃতি ধানুকাই সন্মানীয় CEFC International Olympiad Competition-ত স্বৰ্ণ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ মেধা আৰু প্ৰতিভাৰ উজ্জ্বল পৰিচয় দাঙি ধৰিছে। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত Selwyn College-ত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। কৃতি ধানুকা ডেৰাডুনৰ Welham Girls’ School-ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। তেওঁ গুৱাহাটীৰ বিশিষ্ট সমাজসেৱী ড° অশোক কুমাৰ ধানুকা আৰু কুসুম ধানুকাৰ নাতিনী, তথা ড° ঘনশ্যাম দাস ধানুকা আৰু স্বাতী ধানুকাৰ সুপুত্ৰী।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬৬গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে ভাৰতৰ ১৭গৰাকী শিক্ষাৰ্থী আছিল। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা উত্তৰ-পূব ভাৰতৰ একমাত্ৰ প্ৰতিনিধি আছিল কৃতি ধানুকা। Share this:FacebookX Related Post navigation জালুকবাৰী সমষ্টিৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪ টা ধৰ্মীয় – ৰাজহুৱা প্ৰতিষ্ঠানত একেদিনাই খোৱাপানী যোগান আঁচনি উদ্ধোধন ৬ অক্টোবৰত নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন