অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ জিৰ’স্থিত চেইণ্ট ক্লেৰেট মহাবিদ্যালয়ত দেওবাৰে প্ৰথমবাৰৰ বাবে ‘জিৰ’ পক্ষী আৰু পখিলা মহোৎসৱ’ৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোত ৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ উদযাপনো আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানৰ পিছত এই মহোৎসৱৰ কাৰ্যসূচী তালে বন্যপ্ৰাণী অভয়াৰণ্যৰ পাংগেলৈ স্থানান্তৰ কৰা হ’ব। তাত অংশগ্ৰহণকাৰীসকলে তিনিদিন ধৰি পক্ষী আৰু পখিলাৰ জনসংখ্যা নিৰীক্ষণ কৰাৰ লগতে সংৰক্ষণমূলক কাৰ্যসূচীত অংশ ল’ব। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি হাপোলী বন সংমণ্ডলৰ ডি এফ অ’ টিলিং টাকাৰ আৰু এ ডি চি এফ অয়াং দুছুৱে বন্যপ্ৰাণী সপ্তাহৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকে অঞ্চলটোৰ থলুৱা পক্ষী আৰু পখিলাৰ জৈৱিক বৈচিত্ৰ্যই পৰিৱেশ তন্ত্ৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত বিশেষজ্ঞসকলৰ নেতৃত্বত কেইবাটাও তথ্যসমৃদ্ধ আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত চি চি এফ মিলো টাছেৰৰ দ্বাৰা পৰিৱেশ নীতি, টাগে কানৰ দ্বাৰা পৰিৱেশ পৰ্যটন, কজ মামাৰ দ্বাৰা পক্ষী সংৰক্ষণ, পুন্য চাদাৰ দ্বাৰা পখিলাৰ বৈচিত্ৰ্য আৰু আৰ এফ অ’ কিমে ৰাম্বিয়াৰ দ্বাৰা সৰীসৃপ সজাগতাৰ ওপৰত আলোচনা কৰা হয়। সংৰক্ষণৰ উপৰিও মহোৎসৱৰ প্ৰথম দিনটোত স্থানীয় সংস্কৃতি আৰু যুৱ প্ৰজন্মৰ অংশগ্ৰহণক উদযাপন কৰা হয়। কাৰ্যসূচীৰ ভিতৰত আছিল প্ৰকৃতি প্ৰদৰ্শনী, সমৰকলা আৰু বক্সিং প্ৰদৰ্শন। লগতে দানি ৰিলা গ্ৰুপ আৰু টিলিং তুবিনৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়। জিৰ’ উপত্যকাৰ অনন্য পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে এই মহোৎসৱত প্ৰকৃতি প্ৰেমী, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ নেতৃবৃন্দ একত্ৰিত হৈছে। ডি এফ অ’ টিলিং টাকাৰৰ উদ্যোগত আৰু স্থানীয় জনসাধাৰণৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই ক্ষেত্ৰত নামনি সোৱণশিৰিৰ উপায়ুক্ত অলি পেৰ্মেই বিশেষ সমৰ্থন আগবঢ়াইছে। টাকাৰৰ নেতৃত্বত হাপোলী বন সংমণ্ডলে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে এক জনকেন্দ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰিছে। Share this:FacebookX Related Post navigation ছিকিমৰ প্ৰথম চৰকাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰৰ