আঞ্চলিক সংযোগ উন্নত কৰা আৰু জনগোষ্ঠীয় ঐক্য সুদৃঢ় কৰাৰ উদ্দেশ্যে মিজোৰামৰ পৰিবহণ মন্ত্ৰী বনলাললানাই মঙলবাৰে চাইৰাং (আইজল) আৰু লামকা (মণিপুৰ) সংযোগী এক নতুন দৈনিক আন্তঃৰাজ্যিক বাছ সেৱাৰ ফ্লেগ অফ কৰে। ভি কে টাওনা ট্ৰেভেলছৰ দ্বাৰা পৰিচালিত এই সেৱা অহা ১ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব। ৩৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ১২ ঘণ্টীয়া যাত্ৰাৰ বাবে দুখন ২১খন আসনযুক্ত বাছ ব্যৱহাৰ কৰা হ’ব। সূত্ৰ অনুসৰি, টিকটৰ মূল্য ২,৫০০ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু এটা নিৰ্দিষ্ট ম’বাইল এপৰ জৰিয়তে টিকট বুকিং কৰিব পৰা যাব। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰী বনলাললানাই মণিপুৰত চলি থকা জনগোষ্ঠীয় অশান্তিৰ বাবে যাত্ৰীসকলে সন্মুখীন হোৱা যাতায়তৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এই নতুন পথটোৱে ভ্ৰমণৰ অসুবিধা দূৰ কৰাৰ লগতে ৰাজ্যৰ সীমাৰ সিপাৰে থকা জো (Zo) জনগোষ্ঠীয় জনজাতিসমূহৰ মাজত ভাতৃত্ববোধ শক্তিশালী কৰিব। মুখ্যমন্ত্ৰীৰ উপদেষ্টা এইচ গিনজালালাইও এই ফ্লেগ অফ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কয় যে উন্নত পৰিবহণ সংযোগে দুই ৰাজ্যৰ সম্প্ৰদায়সমূহক অধিক ওচৰ চপাই আনিব। Share this:FacebookX Related Post navigation কঠোৰভাৱে পৌৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ ৰূপায়ণৰ বাবে অসমত বহুমুখী সংস্থাৰ ব্যাপক কৌশল আৰম্ভ