সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটীৰ পৰা নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা গুৱাহাটী পৌৰ নিগম এলেকাৰ ১ আৰু ২ নম্বৰ ৱাৰ্ডত ১৪  টা ধৰ্মীয় –  ৰাজহুৱা প্ৰতিষ্ঠানত ৰাইজৰ সহায়ক হোৱাকৈ নতুনকৈ নিৰ্মাণ কৰা হৈছে ১৪ খন পানী যোগান আঁচনি। ইয়াৰে ২ নম্বৰ ৱাৰ্ডত ৮ খন আৰু ১ নম্বৰ ৱাৰ্ডত ৬  খন পানী যোগান আঁচনি জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ৰাজ্য চৰকাৰৰ এছ অ পি ডি – জি আঁচনিৰ অধীনত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে নিৰ্ধাৰিত সময়ৰ ভিতৰতে ( জি এম ডি এ) নিৰ্মাণ কৰিছে।

আঁচনি কেইখন হল ক্ৰমে – শ্ৰী শ্ৰী হৰিদেৱ নামঘৰ, খানামুখ আঞ্চলিক শ্মশান , খানামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ, উদয় সমূহীয়া কেন্দ্ৰ খেলপথাৰ , গাড়ীগাওঁ নৱজ্যোতি ক্লাৱ, শ্ৰী শ্ৰী হৰি মন্দিৰ, শ্ৰী শ্ৰী ৰামকৃষ্ণ নামঘৰ , শ্যামৰায় গোহাঁই ঘৰ, মলয়া নগৰ ( পশ্চিম) ৰাজহুৱা নামঘৰ, কালী মন্দিৰ পি ডব্লিউ চক , সুন্দৰবৰী মজলীয়া বিদ্যালয়, অসম শিশু কল্যাণ সদন, শ্ৰী শ্ৰী মহা শ্যামা কালী মন্দিৰ ( সংস্কৃত কলেজ ) আৰু প্ৰাগজ্যোতিষ কলা কৃষ্টি বিকাশ কেন্দ্ৰ । আনহাতে আজি মাংগলিক কাৰ্যৰ মাজেৰে একেদিনাই ১৪ খন আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত চমু ভাষণত হেমন্ত চৌধুৰীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ আন আন অঞ্চলৰ লগতে ১আৰু ২ নম্বৰ ৱাৰ্ডতো ৰাইজৰ মৌলিক সমস্যাসমূহ  সমাধানৰ বাবে বিভিন্ন বিভাগৰ বিষয়া – অভিযন্তাক সময়ে সময়ে দি অহা নিৰ্দেশনাৰ ওপৰত আলোকপাত কৰি মুকলি কৰা প্ৰতিখন পানী যোগান আঁচনি যাতে কাৰ্যক্ষম হৈ থাকে তাৰ ওপৰত চকু ৰাখিবলৈ ৰাইজক আহ্বান জনায়। অনুষ্ঠানত ১ নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সী, ২ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতা , বিজেপিৰ বিশ্ববিদ্যালয় মণ্ডল কমিটিৰ সভাপতি চিন্ময় শৰ্মাকে ধৰি কেবাজনো কৰ্মকৰ্তা, জি এম ডি এৰ কেবাজনো বিষয়া –  অভিযন্তা আৰু মুকলি কৰা পানী যোগান আঁচনি সমূহৰ কমিটীৰ সভাপতি – সম্পাদক প্ৰমুখ্যে কেবাজনো কৰ্মকৰ্তা, সেই অঞ্চলৰ বহুসংখ্যক লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *