পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা বিহাৰৰ যুৱক আৰু এজন প্ৰাক্তন সেনাক গুৱাহাটীত গ্ৰেপ্তাৰ ৷ ভাৰতীয় সেনাৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ ৷শনিবাৰে মহানগৰীৰ সাতগাঁৱৰ পৰা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত কাম কৰা এজনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ স্পেছিয়েল টাক্স ফৰ্চ চমুকৈ এছটিএফে ৷ বিহাৰৰ পূব চম্পাৰণৰ অভিষেক কুমাৰ সিং নাম এজনক গ্ৰেপ্তাৰ কৰিছে এছটিএফে ৷ অভিযোগ অনুসৰি, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত সিঙক মহানগৰীৰ সাতগাঁৱ থানা এলেকাৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *