​এছিয়ান গেমছত ভাৰতীয় আৰ্চাৰসকলে চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি কম্পাউণ্ড আৰ্চাৰীত দুটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ঐতিহাসিক সফলতাৰ জৰিয়তে ভাৰতে ২০২৮ চনৰ অলিম্পিক গেমছৰ বাবেও এটা গুৰুত্বপূৰ্ণ কোটা অৰ্জন কৰিছে।

চিকিথা তানিপাৰ্থী আৰু সাহিল যাদৱৰ ভাৰতীয় কম্পাউণ্ড মিশ্ৰিত যুটীটোৱে ফাইনেলত দক্ষিণ কোৰিয়াৰ জংয়ুন পাৰ্ক আৰু ছৈ ইউন গিউৰ যুটীক এক অত্যন্ত কঠিন ‘শ্বুট-অফ’ত ১৫৮-১৫৭ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। এই জয়েৰে চিকিথা তানিপাৰ্থীয়ে চলিত এছিয়ান গেমছত নিজৰ দ্বিতীয়টো সোণৰ পদক দখল কৰে। ইপিনে, জ্যোতি সুৰেখা ভেন্নাম, চিকিথা তানিপাৰ্থী আৰু প্ৰিথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় মহিলা কম্পাউণ্ড দলে ফাইনেলত চীনক ২৩৮-২৩৪ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।

ভাৰতীয় মহিলা দলটোৱে ২৩৮ পইণ্ট সংগ্ৰহ কৰি ২০১৪ চনৰ ইনচিয়ন এছিয়ান গেমছত দক্ষিণ কোৰিয়াই গঢ়া বিশ্ব ৰেকৰ্ডৰ সমকক্ষ হয়। এই প্ৰতিযোগিতাত চীনে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *