নিৰ্ধাৰিত সময়তকৈ ৰে’ল পলম হোৱাৰ ফলত যাত্ৰীয়ে ভোগা চৰম দুৰ্ভোগৰ বাবে এইবাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ’ল ভাৰতীয় ৰে’লৱেই। ৰে’ল পলম হোৱাৰ বাবেই দিল্লীৰ পৰা গুৱাহাটীমুখী সংযোগী বিমান ধৰিব নোৱাৰা এহাল দম্পতীক ক্ষতিপূৰণকে ধৰি মুঠ ৬৩ হাজাৰ টকাৰো অধিক ধন আদায় দিবলৈ উত্তৰ ৰে’লৱে আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে জম্মুৰ জিলা উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে।

আয়োগৰ তথ্য অনুসৰি, মোহিত সিং ভাউ আৰু তেওঁৰ পত্নী দামিনী বিল্লোৰিয়াই ২০২২ চনৰ ১৯ ডিচেম্বৰত জম্মুৰ পৰা দিল্লীলৈ যাত্ৰা কৰিবলৈ দিল্লী দুৰন্ত এক্সপ্ৰেছত (১২২৬৬) টিকট বুকিং কৰিছিল। নিৰ্ধাৰিত সূচী অনুসৰি ৰে’লখন পিছদিনা অৰ্থাৎ ২০ ডিচেম্বৰৰ পুৱতি নিশা ৩.৫৫ বজাত দিল্লীত উপস্থিত হোৱাৰ কথা আছিল। সেই অনুসৰি দম্পতীটোৱে একেদিনাই পুৱা ৭.১৫ বজাত দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানৰ টিকটো কাটি থৈছিল। কিন্তু নিৰ্ধাৰিত সময়তকৈ ৩ ঘণ্টা ৫৫ মিনিট পলমকৈ পুৱা ৭.৫০ বজাতহে ৰে’লখন দিল্লীত উপস্থিত হয়। ইয়াৰ ফলত দম্পতীহালে গুৱাহাটীমুখী বিমানখন ধৰিব নোৱাৰিলে।

ইয়াৰ পিছতে দম্পতীহালে বাধ্যত পৰি ৩৫,৬৯৯ টকা ব্যয় কৰি নতুনকৈ বিমানৰ টিকট ক্ৰয় কৰে আৰু হোটেলত থকাৰ বাবদ আন ২,৫০০ টকা খৰচ কৰে। ৰে’লৱেৰ এই হেমাহিৰ বিৰুদ্ধে উপভোক্তা আয়োগৰ দ্বাৰস্থ হৈ দম্পতীহালে আৰ্থিক লোকচানৰ বাবদ ৬০ হাজাৰ টকা, মানসিক হাৰাশাস্তিৰ বাবদ ৫০ হাজাৰ টকা আৰু আইনী খৰচৰ বাবদ ৩০ হাজাৰ টকা বিচাৰি আবেদন জনায়।

শুনানিৰ সময়ত ৰে’লৱেৰ অধিবক্তাই ঘন কুঁৱলীৰ বাবে ৰে’লখন পলম হোৱা বুলি আদালতত যুক্তি দৰ্শায়। লগতে ‘ইণ্ডিয়ান ৰে’লৱে কনফাৰেন্স এছ’চিয়েশ্যন কোচিং টেৰিফ’ৰ ১১৫ নম্বৰ বিধি অনুসৰি ৰে’ল পলম হোৱাৰ বাবে বিভাগটোক দায়ী কৰিব নোৱাৰি বুলিও যুক্তি দিয়ে ৰে’লৱে পক্ষই। কিন্তু আয়োগৰ অধ্যক্ষ পৱন দেৱ কোটৱাল আৰু সদস্য নিলম বালা ভৰদ্বাজৰ বিচাৰপীঠে ৰে’লৱেৰ এই যুক্তি পোনছাতেই নাকচ কৰে। বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে ৰে’লৱে কৰ্তৃপক্ষই নিৰ্ধাৰিত সময়ৰ ভিতৰত লিখিত উত্তৰ দাখিল কৰাত ব্যৰ্থ হোৱাৰ লগতে কুঁৱলীৰ বাবে ৰে’লখন পলম হোৱাৰ কোনো তথ্য-প্ৰমাণো দাঙি ধৰিব নোৱাৰিলে। সেয়েহে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছিল বুলি উপযুক্ত প্ৰমাণ দাঙি ধৰিব নোৱাৰা পৰ্যন্ত সেৱাৰ ক্ৰুটিৰ বাবে ৰে’লৱেই ক্ষতিপূৰণ দিবলৈ বাধ্য বুলি আয়োগে ৰায় দিয়ে।

যোৱা ৪ নৱেম্বৰত প্ৰদান কৰা চূড়ান্ত নিৰ্দেশত আয়োগে দম্পতীহালৰ নতুন বিমান টিকট আৰু হোটেলৰ খৰচ বাবদ ৩৮,১৯৯ টকা ২০২৩ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা আদায় নিদিয়া পৰ্যন্ত বছৰি ৭.৫ শতাংশ সুদসহ ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি মানসিক যন্ত্ৰণা আৰু অসুবিধাৰ বাবদ ২০,০০০ টকাৰ ক্ষতিপূৰণ আৰু আইনী খৰচৰ বাবদ ৫,০০০ টকা আদায় দিবলৈও উত্তৰ ৰে’লৱেক নিৰ্দেশ দিয়ে উপভোক্তা আয়োগে। নিৰ্দেশ লাভ কৰাৰ ছয় সপ্তাহৰ ভিতৰত এই সমুদায় ধন জমা দিবলৈ ৰে’লৱেক সময়সীমা বান্ধি দিছে আয়োগে।

Leave a Reply

Your email address will not be published. Required fields are marked *