শ্বাওমি ইণ্ডিয়াই শুকুৰবাৰে ৰেডমি ১৭চি ৫জি মোবাইল ফোন বিক্ৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এক সৰ্বদিশৰ স্মাৰ্টফোনৰ অভিজ্ঞতা বিচৰা গ্ৰাহকসকলক লক্ষ্য কৰি লৈ প্ৰস্তুত কৰা এই মবাইলটোত এক ডাঙৰ ডিছপ্লে, দীৰ্ঘস্থায়ী বেটাৰী, ৫জি সংযোগ আৰু এআই-চালিত কেমেৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
এই মোবাইলটোত ১২০ হাৰ্টজ এডাপ্টিভচিংক ৰিফ্ৰেছ ৰেটযুক্ত ৬.৯ ইঞ্চিৰ ডিছপ্লে আছে, য’ত ল’ ব্লু লাইট, ফ্লিক্ কাৰ ফ্ৰী আৰু ছাৰ্কেডিয়ান ফ্ৰেণ্ডলী দৰ্শনৰ বাবে টিইউভি ৰিনলেণ্ড প্ৰমাণপত্ৰ আছে। ই মিডিয়াটেক ডাইমেনচিটি ৬৩০০ প্লেটফৰ্মৰ দ্বাৰা চালিত আৰু মেমৰী এক্সটেনচনৰ সৈতে ১২ জিবি পৰ্যন্ত ৰেম সমৰ্থন কৰে। স্মাৰ্টফোনটোত ৩৩ ৱাটৰ ফাষ্ট চাৰ্জিঙৰ সৈতে এটা ৬,০০০ এমএএইচৰ বেটাৰী দিয়া হৈছে। শ্বাওমিয়ে প্ৰকাশ কৰা অনুসৰি, আভ্যন্তৰীণ পৰীক্ষণত দেখা গৈছে যে ১,০০০টা সম্পূৰ্ণ চাৰ্জিং চাইকেলৰ পিছতো বেটাৰীটোৱে ইয়াৰ ক্ষমতাৰ অন্ততঃ ৮০% ধৰি ৰাখিব পাৰে।
অন্যান্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে এটা ৫০ মেগাপিক্সেলৰ এআই কেমেৰা, আইপি৬৪ ধূলি আৰু পানী প্ৰতিৰোধী সামৰ্থ্য, ৱেট টাচ্চ টেকন’লজী ২.০ আৰু শ্বাওমি হাইপাৰঅ’এছ ৩, য’ত গুগল জেমিনি আৰু ছাৰ্কল টু ছাৰ্চৰ সমৰ্থন আছে।
ৰেডমি ১৭চি ৫জিৰ ৪ জিবি ৰেম আৰু ১২৮ জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ২০,৯৯৯ টকা ধাৰ্য কৰা হৈছে, আনহাতে ৬ জিবি ৰেম আৰু ১২৮ জিবি মডেলটোৰ মূল্য ২২,৯৯৯ টকা। এই ফোনটো mi.com, Amazon.in আৰু শ্বাওমিৰ ৰিটেইল আউটলেটসমূহত উপলব্ধ হ’ব।
গুৱাহাটী মহানগৰীত এই শুভাৰম্ভণিয়ে ডাঙৰ ডিছপ্লে আৰু উচ্চ সামৰ্থ্যৰ বেটাৰী থকা ৫জি স্মাৰ্টফোন বিচাৰি থকা গ্ৰাহকসকলৰ বাবে আন এক বিকল্প সংযোজন কৰিছে। এই ছেগমেণ্টত অব্যাহত থকা প্ৰতিযোগিতাই ক্ৰেতাসকলৰ ক্ৰয় সম্পৰ্কীয় সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে, কিয়নো ক্ৰেতাসকলে নিজৰ ডিভাইচ আপগ্ৰেড কৰাৰ পূৰ্বে কাৰ্যক্ষমতা, বেটাৰীৰ আয়ুস, কেমেৰাৰ বৈশিষ্ট্য আৰু মূল্যৰ তুলনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *