এখন আঞ্চলিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উত্তৰ কোৰিয়াৰ এটা মহিলা ফুটবল দল দক্ষিণ কোৰিয়াত উপস্থিত হৈছে। দুই দেশৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে বিগত আঠ বছৰৰ ভিতৰত উত্তৰ কোৰিয়াৰ ক্ৰীড়াবিদৰ এয়া প্ৰথম দক্ষিণ কোৰিয়া ভ্ৰমণ।
উত্তৰ কোৰিয়াৰ ‘নেগোহ্যাং উইমেনছ এফ চি’ (Naegohyang Women’s FC) দলৰ মুঠ ৩৯ গৰাকী খেলুৱৈ আৰু কৰ্মকৰ্তা দেওবাৰে চীনৰ পৰা অহা এখন বিমানেৰে ছিউলৰ ঠিক পশ্চিমে অৱস্থিত ইনচিওন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়।
তেওঁলোকে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰা নাই, যদিও একাংশ সক্ৰিয় কৰ্মীয়ে “স্বাগতম!” বুলি চিঞৰি উঠা দেখা গৈছিল আৰু একাংশ নাগৰিকে তেওঁলোকৰ আগমনৰ দৃশ্য ম’বাইল ফোনেৰে আৱদ্ধ কৰিছিল।
উত্তৰ কোৰিয়াৰ দলটোৱে অহা বুধবাৰে ছিউলৰ দক্ষিণে অৱস্থিত সুৱন চহৰত অনুষ্ঠিত হ’বলগীয়া ‘এশিয়ান ফুটবল কনফেডাৰেচন উইমেনছ চেম্পিয়নছ লীগ’ (AFC Women’s Champions League)ৰ ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ ‘ছুৱন এফ চি উইমেন’ (Suwon FC Women)ৰ মুখামুখি হ’ব।
দুই কোৰিয়াই পূৰ্বতেও সম্পৰ্ক উন্নত কৰাৰ বাবে মাজে-সময়ে ক্ৰীড়া অনুষ্ঠানসমূহক মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে। কিন্তু এই শেহতীয়া ফুটবল খেলখনে তেওঁলোকৰ দীৰ্ঘদিনীয়া তিক্ততাপূৰ্ণ সম্পৰ্কত কোনো ধৰণৰ কোমলতা আনিব বুলি আশা কৰিব নোৱাৰি, কিয়নো উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে নিজৰ সংঘাতপূৰ্ণ স্থিতি অপৰিৱৰ্তিত ৰাখিছে।
তেওঁলোকৰ এই ভ্ৰমণক দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ সম্পৰ্ক উন্নতিৰ সংকেত হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত আমি সতৰ্ক হোৱা উচিত,” ছিউলস্থিত ‘কোৰিয়া ইনষ্টিটিউট ফৰ নেচনেল ইউনিফিকেচন’ (Korea Institute for National Unification)ৰ জ্যেষ্ঠ গৱেষক লী ৱু-টেই অলপতে প্ৰকাশ পোৱা এক প্ৰতিবেদনত এইদৰে কয়।
তেওঁ লগতে কয়, “আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰিসৰৰ ভিতৰত ইয়াক দুই কোৰিয়াৰ মাজৰ এক সীমিত যোগাযোগ হিচাপে দেখাটোৱেই অধিক সঠিক হ’ব।”
শেহতীয়া বছৰবোৰত কিমে দক্ষিণ কোৰিয়াক তেওঁৰ দেশৰ প্ৰধান শত্ৰু বুলি বাৰে বাৰে অভিহিত কৰি আহিছে আৰু এক উমৈহতীয়া জাতীয় ধাৰণা নোহোৱা কৰি এক শত্ৰুতাপূৰ্ণ “দ্বি-ৰাষ্ট্ৰ” (two-state) ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। পৰ্যবেক্ষকসকলৰ মতে, এনে পদক্ষেপৰ মূল কাৰণ হৈছে দক্ষিণ কোৰিয়াৰ সাংস্কৃতিক প্ৰভাৱক লৈ কিমৰ মনত থকা ভয়। ইয়াৰ উপৰিও, দক্ষিণ কোৰিয়া এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত উত্তৰ কোৰিয়াৰ বাবে বিশেষ উপযোগী হৈ থকা নাই বুলিও ধাৰণা কৰা হৈছে।
উত্তৰ কোৰিয়াই ইয়াৰ পূৰ্বে ২০১৮ চনৰ ডিচেম্বৰ মাহত এখন টেবুল টেনিছ প্ৰতিযোগিতাৰ বাবে দক্ষিণ কোৰিয়ালৈ ক্ৰীড়াবিদ প্ৰেৰণ কৰিছিল। সেই সময়ত, ২০১৮ চনৰ আৰম্ভণিতে পিয়ংচাং অলিম্পিকত উত্তৰ কোৰিয়াৰ অংশগ্ৰহণৰ পাছত দুয়োখন দেশৰ মাজত কেইবাটাও ক্ৰীড়া বিনিময় আৰু সহযোগিতা কাৰ্যসূচী ৰূপায়িত হৈছিল। – এপি (AP)

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *