গ্লাছগোত অনুষ্ঠিত ২০২৬ কমনৱেলথ গেমছৰ পুৰুষৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাত ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই ৰূপৰ পদক অৰ্জন কৰিছে। তেওঁ নিজৰ দ্বিতীয়টো চেষ্টাৰে ৮৫.৮৩ মিটাৰ জৱেলিন দলিয়াই এই ছিজনৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সৈতে দ্বিতীয় স্থান লাভ কৰে। শ্ৰীলংকাৰ ৰুমেছ তৰংগাই ৮৯.৭৫ মিটাৰ দলিয়াই প্ৰথম স্থান দখল কৰি সোণৰ পদক অৰ্জন কৰে।

ভাৰতৰ আন এজন প্ৰতিযোগী যশ বীৰ সিঙে নিজৰ অন্তিম চেষ্টাৰে ৮৫.৪১ মিটাৰ দলিয়াই তৃতীয় স্থান (ব্ৰঞ্জৰ পদক) অৰ্জন কৰে।কমনৱেলথ গেমছত নীৰজ চোপ্ৰাৰ এইটো দ্বিতীয় পদক (২০১৮ চনৰ গোল্ড ক’ষ্টত তেওঁ সোণৰ পদক জিকিছিল)।

তেওঁ অলিম্পিক (২০২০ ত সোণ, ২০২৪ ত ৰূপ), এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপতো একাধিক পদক জিকি দেশলৈ গৌৰৱ কাঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাৰ অন্তত গ্লাছগো কমনৱেলথ গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা ২৩ টালৈ (১২ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জ সহ) বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *