ভাৰতত ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এম জি(মৰিছ গেৰেজেছ)-এ মুকলি কৰিলে ডিজাৰ্ট ষ্টৰ্ম আৰু স্ন’ষ্টৰ্ম ছিৰিজত নতুন এম জি গ্লষ্টাৰ। নতুন এম জি গ্লষ্টাৰ ষ্টৰ্ম ছিৰিজক নিখুঁতভাৱে ডিজাইন কৰা হৈছে আৰু শেহতীয়া সংস্কৰণত অধিক বিলাসী আৰু সাহসী ৰূপ প্ৰদান কৰা হৈছে। নতুন এম জি গ্লষ্টাৰ ডিজাৰ্ট ষ্টৰ্মৰ সৈতে ব্লেক ষ্টৰ্মৰ উপাদানসমূহৰ পৰা অনুপ্ৰাণিত ডিপ গোল্ডেন এক্সটেৰিয়ৰ প্ৰদান কৰা হৈছে আৰু স্ন’ ষ্টৰ্মৰ ডুৱেল-টোন পাৰ্ল হোৱাইট আৰু ব্লেক এক্সটেৰিয়ৰ দিয়া হৈছে, যাৰ বাবে আপুনি য’লৈকে নাযাওঁক নিশ্চিতভাৱে আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব। প্ৰিমিয়াম এছইউভি অভিজ্ঞতা প্ৰদান কৰা এম জি গ্লষ্টাৰৰ ৰেঞ্জ ৩৮.৮০ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ (এক্স-শ্ব’ৰুম)।

নতুন গ্লষ্টাৰ ডিজাৰ্ট ষ্টৰ্মৰ ব্লেক থিমৰ ইণ্টেৰিয়ৰ(আভ্যন্তৰীণ)ৰ উদ্দেশ্য হৈছে ড্ৰাইভিং অভিজ্ঞতাক উন্নীত কৰা। আপহলষ্টৰীৰ পৰা ট্ৰিমলৈকে প্ৰতিটো উপাদানে এক স্পন্দনশীল আৰু প্ৰিমিয়াম এম্বিয়েণ্টক মূৰ্ত কৰি তুলিছে। ইয়াৰ লগতে হোৱাইট ষ্টিচ্চিঙ(সম্পূৰ্ণতা)ৰ সৈতে ব্লেক ষ্টিয়াৰিং হুইলে বাহনখনৰ আবেদনত এক সূক্ষ্ম অথচ স্বকীয় স্পৰ্শ যোগ কৰিছে। ইয়াত এডিএএছ আৰু ৩০ৰো অধিক সুৰক্ষা বৈশিষ্ট্য আছে, য’ত আছে ফৰৱাৰ্ড কলিজিয়ন ৱাৰ্নিং (এফচিডব্লিউ), অটোমেটিক ইমাৰ্জেন্সি ব্ৰেকিং (এইবি), লেন ডিপাৰ্চাৰ ৱাৰ্নিং (এলডিডব্লিউ), ব্লাইণ্ড স্পট ডিটেকচন আৰু লেন চেঞ্জ এছিষ্ট ইত্যাদি।

 এম জি মটৰ ইণ্ডিয়াৰ মুখ্য বাণিজ্যিক বিষয়া সতীন্দৰ সিং বাজৱাই এই শুভাৰম্ভণিৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “নতুন গ্লষ্টাৰ ষ্টৰ্ম ছিৰিজে ব্যতিক্ৰমী আৰু স্বতন্ত্ৰ অভিজ্ঞতা প্ৰদান কৰি উচ্চ প্ৰযুক্তিৰ সুবিধা প্ৰদানৰ আমাৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰে যিয়ে এম জিৰ প্ৰিমিয়াম আৰু সাহসী সমৃদ্ধ ইতিহাসক আগুৱাই নিব।”

Leave a Reply

Your email address will not be published. Required fields are marked *