গ্লাছগোত অনুষ্ঠিত হৈ থকা ২০২৬ ৰ কমনৱেলথ গেমছত ভাৰতলৈ প্ৰথমটো পদক কঢ়িয়াই আনিছে পাৰা-পাৱাৰলিফটাৰ ঝাণ্ডু কুমাৰে। পুৰুষৰ পেৰা-পাৱাৰলিফটিং প্ৰতিযোগিতাত ১৮১ কেজি আৰু ১৯০ কেজি ওজন সফলতাৰে দাঙি ১৩০.৯ পইণ্ট সংগ্ৰহ কৰি তেওঁ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। বিহাৰৰ নালান্দা জিলাৰ হাৰণৌটৰ বাসিন্দা ঝাণ্ডু কুমাৰৰ জীৱন যাত্ৰা অত্যন্ত কষ্টকৰ আছিল। এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ঝাণ্ডুৱে নিজৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ শাক-পাচলি বিক্ৰী কৰাৰ লগতে ই-ৰিক্সাও চলাইছিল। পেৰালিম্পিক পদক বিজয়ী ৰাজেন্দ্ৰ সিং ৰাহেলুৱে তেওঁৰ প্ৰতিভা চিনাক্ত কৰি গান্ধীনগৰৰ ‘সাই’ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰলৈ আনি প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়ে।ঝাণ্ডু কুমাৰৰ এই ঐতিহাসিক সাফল্যৰ পাছত ভাৰতীয় পেৰা-পাৱাৰলিফটিং দলৰ মুখ্য প্ৰশিক্ষক জে. পি. সিঙে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এক বিশেষ আবেদন জনায়। প্ৰশিক্ষকগৰাকীয়ে কয় যে ঝাণ্ডুৱে জীৱনত যি চৰম দৰিদ্ৰতা আৰু সংগ্ৰামৰ মাজেৰে আহি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে, তাৰ বাবে তেওঁক উপযুক্ত আৰ্থিক পুৰস্কাৰ আৰু এটা চৰকাৰী চাকৰি প্ৰদান কৰা উচিত। পূৰ্বেও ২০২৫ চনৰ বেইজিং পেৰা-পাৱাৰলিফটিং বিশ্বকাপত ব্ৰঞ্জৰ পদক লাভ কৰা ঝাণ্ডু কুমাৰে অনাগত দিনত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিব বুলি প্ৰশিক্ষকসকলে আশা প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation ৭৫ কেজি শ্ৰেণীত ছেমিত লাভলিনা, ভাৰতৰ বাবে নিশ্চিত হ’ল পদক