সুখ্যাত কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ কন্যা হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও ৬১ কেজি ছিনিয়ৰ শাখাত এটা ৰূপৰ পদক সহ মুঠ ২ টা পদক অৰ্জন কৰে । আনহাতে জিয়ান চৌধুৰীয়ে ল’ৰাৰ ৬৩ কেজি কেডেট শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে এটা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। লক্ষনীয়ভাৱে এই দুয়ো গৰাকী খেলুৱৈয়ে হাছমৎ আলীৰ তত্বাৱধানত বৰপেটাৰ কিঅ কাৰাটে ইনষ্টিটিউটৰ প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ । এই দুৰ্দান্ত সফলতাৰ বাবে কিঅ কাৰাটে সভাপতি হান্স ভাৰত শৰ্মা, কিঅ কাৰাটে সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ জাগ্ৰা, কিঅ কাৰাটে কোষাধক্ষ্য মুটুম বংকিমৰ লগতে কিঅ সাধাৰণ সম্পাদক তথা উকা জি এছ নগেন বংজিয়ামে শুভেচ্ছা আৰু অভিনন্দন জনাই | Share this:FacebookX Related Post navigation অম্লানজ্যোতি’ৰ ৮ টা উইকেট দখল আইপিএলৰ প্লে অফৰ পৰা বাহিৰ গুজৰাট টাইটানছ