ফিফা বিশ্বকাপ ২০২৬-ৰ এক উত্তেজনাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল মেচত ফ্ৰান্সে মৰক্কোক ২-০ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে। আমেৰিকাৰ বষ্টনৰ গিলট ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ফ্ৰান্সৰ তাৰকা খেলুৱৈ কিলিয়ান এমবাপে আৰু ওচমানে ডেম্বেলীয়ে দলৰ হৈ গ’ল দুটা দিয়ে। খেলৰ ৬০ মিনিটত কিলিয়ান এমবাপেই এটা সুন্দৰ গ’লেৰে ফ্ৰান্সক প্ৰথম সফলতা আনি দিয়ে।

এইটো চলিত বিশ্বকাপত তেওঁৰ অষ্টমটো গ’ল আছিল। ইয়াৰ পূৰ্বে ২৮ মিনিটত তেওঁ এটা পেনাল্টী মিছ কৰিছিল। প্ৰথম গ’লৰ মাত্ৰ ৬ মিনিট পিছতে, অৰ্থাৎ ৬৬ মিনিটত ওচমানে ডেম্বেলীয়ে ফ্ৰান্সৰ হৈ দ্বিতীয়টো গ’ল দি দলৰ বিজয় নিশ্চিত কৰে। উল্লেখ্য যে আফ্ৰিকান চেম্পিয়ন মৰক্কোৱে ফ্ৰান্সক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি আশা কৰা হৈছিল যদিও ফ্ৰান্সৰ শক্তিশালী ডিফেন্সৰ বাবে তেওঁলোকে বিশেষ সুযোগ নাপালে।

খেলৰ ৮৩ মিনিটত মৰক্কোৰ আজুদিন উনাহীয়ে মৰা এটা সুন্দৰ শ্বট ফ্ৰান্সৰ গ’লৰক্ষক মাইক মাইগনানে অসাধাৰণভাৱে ৰক্ষা কৰে। ২০১৮ চনৰ বিশ্ব চেম্পিয়ন ফ্ৰান্সে এতিয়া অহা মঙলবাৰে টেক্সাছৰ আৰ্লিংটনত হ’বলগীয়া ছেমিফাইনেল মেচত স্পেইন অথবা বেলজিয়ামৰ মুখামুখি হ’ব। আজি লছ এঞ্জেলছত অনুষ্ঠিত।

Leave a Reply

Your email address will not be published. Required fields are marked *