বেতকুছিস্থিত গুৱাহাটী পৌৰ নিগমৰ পৌৰ ভৱন কাৰ্যালয়ত আগন্তুক দুৰ্গা পূজা উপলক্ষে স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা, ২০২৬ অনুষ্ঠিত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। গুৱাহাটী পৌৰ নিগমৰ পৌৰ সচিব অবিনাশ পলে কয় , গুৱাহাটী পৌৰ নিগমে বিগত চাৰিবছৰ ধৰি স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। মহানগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা আৰু পূজাৰ সময়ছোৱাত স্বচ্ছতাৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এইবাৰো প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাত অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্তই প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ উপস্থাপন কৰে। তেওঁ সকলো দুৰ্গা পূজা সমিতিক পূজা মণ্ডপ আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ডাষ্টবিন ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো পূজা সমিতিকে মানপত্ৰ প্ৰদান কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। সভাত উপস্থিত থাকি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া মহোদয়ে কয় যে গুৱাহাটী মহানগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে পৌৰ নিগমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা এই প্ৰচেষ্টাৰেই এক গুৰুত্বপূৰ্ণ অংশ। আগন্তুক দুৰ্গা পূজাৰ সময়ছোৱাত মহানগৰখনৰ স্বচ্ছতা অক্ষুণ্ণ ৰখাৰ লগতে পৰিৱেশ অনুকূল পূজা উদযাপনৰ বাবে তেওঁ সকলো পূজা সমিতিৰ সহযোগিতা কামনা কৰে। মেয়ৰ লগতে উল্লেখ কৰে এইবাৰ প্ৰতিখন দুৰ্গা পূজা সমিতিয়ে নিজ নিজ পূজা স্থলীত সেউজীয়া, নীলা, ৰঙা আৰু ক’লা অথবা হালধীয়া ৰঙৰ চাৰিটা ডাষ্টবিন ব্যৱহাৰ কৰিব লাগিব। পূজা স্থলীত প্লাষ্টিকৰ ব্যৱহাৰ আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। প্ৰতিখন পূজা সমিতিয়ে পূজা স্থলী আৰু ইয়াৰ চৌপাশ সম্পূৰ্ণৰূপে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তদুপৰি, পথত দুৰ্গা পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হয়। প্ৰতিযোগিতাখন ১৬ অক্টোবৰৰ পৰা আৰম্ভ হৈ ২১ অক্টোবৰ, ২০২৬ তাৰিখে সমাপ্ত হ’ব। প্ৰতিখন পূজা সমিতিক জাতীয় ফুল কপৌফুলৰ সৈতে সংগতি ৰাখি পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিবলৈও আহ্বান জনোৱা হয়। প্ৰতিযোগিতাত মুঠ ১৭৫খন দুৰ্গা পূজা সমিতিক পুৰস্কৃত কৰা হ’ব। ইয়াৰ ভিতৰত প্ৰথম পুৰস্কাৰৰ বাবে ২৫খন, দ্বিতীয় পুৰস্কাৰৰ বাবে ৫০খন আৰু তৃতীয় পুৰস্কাৰৰ বাবে ১০০খন পূজা সমিতি নিৰ্বাচিত কৰা হ’ব। পুৰস্কাৰসমূহ কালী পূজাৰ সময়ত বিতৰণ কৰা হ’ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পূজা স্থলীসমূহ পৰিদৰ্শন কৰি মূল্যায়ন আৰু নম্বৰ প্ৰদানৰ বাবে অতিৰিক্ত আয়ুক্তৰ তত্ত্বাৱধানত এখন মুখ্য সমিতি গঠন কৰা হ’ব। এই সমিতিয়ে প্ৰতিযোগিতাৰ নিয়মাৱলী অনুসৰি পূজা স্থলীসমূহৰ স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশসমূহ নিৰীক্ষণ কৰিব। ইচ্ছুক পূজা সমিতিসমূহক নিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰ পূৰণ কৰি ১৩ অক্টোবৰ, ২০২৬ তাৰিখৰ ভিতৰত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান জনোৱা হৈছে। গুৱাহাটী পৌৰ নিগমে মহানগৰখনক স্বচ্ছ, সুন্দৰ আৰু পৰিৱেশ অনুকূল কৰি ৰখাৰ এই পদক্ষেপত সকলো দুৰ্গা পূজা সমিতি আৰু মহানগৰবাসীৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে।আজি সাধাৰণ সভাত গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ, পাৰিষদ বৃন্দ, দূৰ্গা পূজা সমিতিৰ বিষয়ববীয়া সকল, গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়া আৰু কৰ্মচাৰী বৃন্দ উপস্থিত থাকে। Share this:FacebookX Related Post navigation জুবিন গাৰ্গ হত্যাকাণ্ডত প্ৰথম অভিযুক্তৰ জামিন লাভ